
ধুবুৰীঃ মাৰ্ঘেৰিটাঃ ৰাজ্যৰ চৰকাৰী শিক্ষা খণ্ডক সংস্কাৰৰ বাবে ৰাজ্য চৰকাৰে সময়ে সময়ে বিভিন্ন কাৰ্যসূচী লৈ আহিছে৷ শেহতীয়াকৈ গুণোৎসৱ অনুষ্ঠিত কৰি ব্যাপক চমক সৃষ্টি কৰে চৰকাৰ তথা শিক্ষা বিভাগে৷ প্ৰকৃততে এনে বোৰ আঁচনিয়ে কণ কণ ছাত্ৰ-ছাত্ৰী তথা দৰিদ্ৰ-শ্ৰমিকৰ সন্তানক উপকৃত কৰিব পাৰিছে নে নাই সেয়া ৰাইজে বিচাৰ কৰিবৰ সময় আহি পৰিছে৷
কিন্তু এনেবোৰ আঁচনিৰ জড়িয়তে লাখ লাখ টকা খৰছ কৰাৰ সময়তে ৰাজ্যত আজিও বহু বিদ্যালয় আছে যিবোৰ বিদ্যালয় দেখিলে স্বাধীন দেশৰ স্কুল যেন নালাগে৷ গ্ৰাম্য অঞ্চলৰ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ণ কৰা বহু বিদ্যালয়ত আজিও নাই উপয়ুক্ত শ্ৰেণীকোঠা, ডেস্ক, বেঞ্চ আদি৷ আজিও বহু বিদ্যালয়ত ব্লেক বৰ্ড এখনৰ অভাৱত শিক্ষকে পাঠদান কৰিব লগা হয়৷ এজাক বৰষুণতে বহু বিদ্যালয়ৰ চৌহদ পানীৰে ভৰি পৰে৷ গুণোৎসৱৰ দৰে কাৰ্যসূচী লোৱাৰ পূৰ্বে চৰকাৰে গ্ৰাম্য অঞ্চলৰ শিক্ষানুষ্ঠান সমূহৰ আন্তঃগাঠনি উন্নত কৰাৰ আহ্বান জনাইছিল একাংশ লোকে৷
আন্তঃগাঠনি তথা গুৰিৰ পৰা সংস্কাৰ কৰাৰ দাবী জনাইছিল৷ কিন্তু চৰকাৰে এনে লোকৰ পৰামৰ্শ গ্ৰহণ নকৰি ব্যাপক ধামখুমীয়াত গুণোৎসৱ অনুষ্ঠিত কৰে৷ এই গুণোৎসৱে স্কুল সমূহৰ সৰু সৰু সমস্যা সমূহ সমাধান কৰিব নোৱাৰিলে বুলি অভিযোগ উত্থাপন হৈছে৷ শিক্ষকক কেমেৰাৰ সন্মুখত খতিয়ান লৈ ঠাট্টা, মস্কৰা কৰা শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শিক্ষা বিভাগৰ পৰিৰ্ৱতনৰ শ্ল’গান দিয়া যদিও প্ৰকৃততে শ্ল’গান সচা বুলি প্ৰমান নহয়। তাৰ মাজতে ধুবুৰীৰ গৌৰীপুৰৰ একংশ এলেকাত তেনেই পৰিবেশ দেখা যায়৷ এফালে গুণোৎসৱ আনফালে ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি৷
২৬ ডিচেম্বৰৰ পৰা ৰাজ্যত তিনিদিনীয়াকৈ পুনৰ গুণোৎসৱ অনুষ্ঠিত হ’ব। গুণোৎসৱৰ বিপৰিত ছবি ধুবুৰীৰ গৌৰীপুৰৰ পানবাৰীত। গুণোৎসৱকলৈ বিদ্যালয়ে বিদ্যালয়ে প্ৰস্তুতি চলি থকাৰ মাজতে বিলাসীপাৰা শিক্ষাখণ্ডৰ অৰ্ন্তগত পানবাৰীৰ ৰাঙামাটী পাৱলিক জনকল্যাণ বিদ্যালয়ত পাঠদান চলিছে মুকলি আকাশৰ তলত। কণ কণ ছাত্ৰ ছাত্ৰী সকলে ঘৰৰ অভাৱতে বাধ্য হৈছে মুকলি আকাশৰ তলত পাঠদান কৰিবলৈ। ১৯৮৭ চনত স্থাপিত হোৱা বিদ্যালয়খন ২০১৩ চনত চৰকাৰীকৰণ হোৱাৰ পাছতো আজিলৈকে লাভ নকৰিলে গৃহ৷
যাৰ ফলত চলিছে এটা জৰাজীৰ্ণ জুপুৰিতে বিদ্যালয়খন। বিদ্যালয়খনৰ ১২৬ জন ছাত্ৰ-ছাত্ৰীৰ বহিবলৈ নাই কোনো ব্যৱস্থা। জুপুৰি সদৃশ চালিখনৰ তলত পৰ্যাপ্ত ঠাই নথকাত ৰদ, বৰষুণৰ মাজতে মুকলি আকাশৰ তলত কৰিবলগীয়া হৈছে শিক্ষা গ্ৰহণ৷ কণ কণ ছাত্ৰ ছাত্ৰী সকলে পাঠদান কৰিবলৈ অহা ছাত্ৰ-ছাত্ৰী সকলে এফালে ৩৩হাজাৰ ভল্টৰ বিদ্যুতৰ তাৰ আনফালে ৰেললাইন পাৰ হ’ব লগা হয়৷ বিদ্যালয়খনৰ চাৰিওফালে বেৰ নথকাৰ বাবেই দুপৰীয়া বিৰতি সময়ত দৃষ্টি ৰাখিব লাগে সদায় ছাত্ৰ-ছাত্ৰীক।