শুক্লাইঃ কেঁচা সোণৰ খেতি কৰি স্বাৱলম্বী হোৱাৰ সপোন চুৰমাৰ হ’ল তেওলোকৰ৷ সেউজীয়া সপোন বুকুত বান্ধি কৃষি বিপ্লৱত জঁপিয়াই পৰি এতিয়া ককবকাব লগা হৈছে তেওলোকে৷ হয়, ভাৰত-ভূটান সীমান্তৰ শ শ লোকে চাহপাতৰ খেতি কৰি এতিয়া ককবকাব লগা হৈছে৷ ওদালগুৰি-বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তত যোৱা এটা দসকৰ পৰা আৰম্ভ হৈছে সেউজ বিপ্লৱৰ। হাজাৰ হাজাৰ নিবনুৱাই চৰকাৰী চাকৰিৰ আশা এৰি চাহ খেতি কৰিবলৈ আৰম্ভ কৰে৷

ক্ষুদ্ৰ ক্ষুদ্ৰ চাহ বাগিচাত জীৱন-যৌৱন সমৰ্পণ কৰে। লহ পহকৈ বাঢ়ি অহা চাহৰ গছবোৰে তেওলোকৰ সপোনক বাস্তৱত ৰূপায়িত কৰাত সহায় কৰিব বুলি বহু আশা পুহি ৰাখিছিল৷ ক্ষুদ্ৰ চাহ খেতিয়ক সকলে দেখিছিল অলেখ সপোন। কিন্তু ক্ষুদ্ৰ চাহ খেতিয়কৰ এই সপোন এক প্ৰকাৰ চুৰমাৰ হৈছে৷

কিয়নো তেওলোকে পানীৰ দৰত বিক্ৰী কৰিব লগা হৈছে কেঁচা পাত৷ ডাঙৰ ডাঙৰ চাহ বাগিচা তথা উদ্যোগসমূহে ৰামঠগন দিয়ে থলুৱা কৃষকসকলক। কোম্পানীয়ে কেঁচা চাহ পাত প্ৰতি কুইণ্টলত ২০ শতাংশ কৰ্তন কৰি আহিছে। ইয়াৰ উপৰিও ক্ষুদ্ৰ চাহ খেতিয়কৰ উৎপাদিত কেঁচা পাত নিম্নমানৰ বুলি অজুহাত দেখুৱাই কিনিবলৈ মান্তি নোহোৱাত ক্ষুদ্ৰ চাহ খেতিয়কৰ ঘৰত কুইন্টলে কুইন্টলে চাহ পাত শুকাই যায়।

অবশেষত এই পাতসমুহ পেলাই দিবলৈ বাধ্য হয়৷ ফলত বাক্সা জিলাৰ ঔবাৰী গাঁৱৰ ক্ষুদ্ৰ চাহ খেতিয়ক বিনোদ শৰ্মাই বিঘাই বিঘাই চাহ খেতি কাটি পেলাবলৈ বাধ্য হয়। লাখ লাখ টকা খৰছ কৰি উচিত মুল্য নপোৱাৰ ফলত এনেদৰে থলুৱা কৃষকে চাহ বাগান কাটি পেলাবলগীয়া হোৱাত চিন্তিত হৈ পৰিছে ক্ষুদ্ৰ খেতিয়কসকল৷ উৎপাদিত সামগ্ৰী পানীৰ দৰত বিক্ৰী কৰিব লগা হোৱাৰ পিছতো জাতি-মাটিৰ কথাকৈ শাসনৰ গাডীত বহা বিজেপি চৰকাৰ খনে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷

হাজাৰ হাজাৰ টকা খৰছ কৰি উৎপাদন কৰা কেঁচা পাত বিক্ৰীৰ অভাৱত পেলাই দিব লগা হৈছে৷ কিন্তু তাৰ পিছতো বিটিচি প্ৰশাসনে গুৰুত্ব আৰোপ কৰা নাই৷ চাহৰ খেতি কৰিয়ে পৰিয়াল পোহপাল দিয়া কৃষকসকলে মুৰে কপালে হাত দিব লগা হৈছিল ৷ লৰা-ছোৱালীৰ কাপোৰ-কানি, স্কুল কলেজৰ খৰছ, বেমাৰ-আজাৰ আদিকে ধৰি সকলো খৰছৰ বাবে উৎপাদিত ফচলৰ ওপৰতে খেতিয়কসকল নিৰ্ভৰশীল আৰু তেনেক্ষেত্ৰত উৎপাদিত সামগ্ৰীৰ বজাৰমুল্য নোহোৱা হোৱাত কৃষকসকল ক্ষুব্ধ হৈ উঠিছে৷

ওদালগুৰি-বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ গোৰেশ্ব ৰাজহ চক্ৰৰ বাঙালিপাৰা, বগামাটি, ভোলাঝাৰৰ লগতে ডিমাকুছি অঞ্চলত বহু থলুৱা কৃষকে চাহ খেতি কৰিছে৷ কিন্তু অঞ্চলটোৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে চৰকাৰে কেঁচা পাত নিকিনাৰ ফলত হাহাকাৰ কৰিব লগা হৈছে৷ কোম্পানী সমূহৰ ওপৰত চৰকাৰৰ নিয়ন্ত্ৰণ নথকাৰ বাবে থলুৱা কৃষক আজি অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে৷

আনহাতে ম্যাদী মাটি নোহোৱাৰ বাবে চৰকাৰী সা-সুবিধাৰ পৰাও তেওঁলোকে বঞ্চিত হৈ আহিব লগা হৈছে। হাতীৰ উপদ্ৰৱ আনহাতে বানপানীৰ ভয়াবহ ৰূপৰ বাবে দিশহাৰা হৈ পৰিছে থলুৱা চাহ খেতিয়ক৷ সদৌ বড়োলেণ্ড ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই এই ক্ষেত্ৰত অসম চৰকাৰ আৰু বিটিচি প্ৰশাসনক গুৰুত্ব প্ৰদানৰ দাবী জনাই আহিছে যদিও কোনো দিনে গুৰুত্ব প্ৰদান কৰা দেখা নাযায়৷

জানিব পৰা মতে, ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য গণেশ কছাৰী, মহেশ্বৰ বসুমতাৰী, পানেৰীৰ বিধায়িকা কমলী বসুমতাৰী, বিটিচিৰ উপাধ্যক্ষ নেৰছন বড়ো, এম চি এল এ ৰাতিৰাম বড়ো সহ বহু প্ৰাক্তন বিদ্ৰোহী, ছাত্ৰনেতা, সমাজকৰ্মীয়ে সৰু বৰ চাহ বাগিচাৰ মালিক। তথাপিও নাকী লগাব পৰা নাই কেচা পাত কিনা কোম্পানীক৷