ঢেকীয়াজুলিঃ বাঁহৰ বেৰৰ ঘৰ এৰি একাংশ লোকে নিশাটো কটাবলৈ বিচাৰি ফুৰিছে পকী ঘৰ৷ অবিশ্বাস্য যেন লাগিলেও এয়াই সত্য৷ সূৰ্য অস্ত যোৱাৰ পাছতে দৰিদ্ৰ, মধ্যবিত্ত পৰিয়ালৰ লোকসকলে পকীঘৰ থকা লোকৰ সন্ধান কৰে৷ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰি চাবলৈ নহয় জীয়াই থকাৰ তাড়নাত হে বিচাৰি ফুৰিছে দৰিদ্ৰ লোকে পকী ঘৰ৷

বাঘৰ পৰা নিজকে সুৰক্ষিত কৰিবলৈ হে তেওঁলোকে বিছাৰি ফুৰে পকী ঘৰ৷ বাঘৰ গোজৰণি নুশুনিলেও বাঘ যে ওলাইছে এইটো খাটাং৷ কিয়নো ফুট গধুলিতে গোহালিৰ পৰা বাঘে দাঙি নিছে বলধ৷ গোহালিত ডিঙিত কামোৰ মাৰি থৈ গৈছে বলধক৷ বলধ হত্যাৰ খবৰ ৰাষ্ট্ৰ হোৱাৰ পাছতে নিদ্ৰা হৰণ হৈছে দৰিদ্ৰ লোকসকলৰ৷ ঢেকীয়াজুলি বৰছলা বিধান সভা সমষ্টিৰ বৰভগীয়া আৰু নিছলামাৰীবাসীৰ জীৱনলৈ এতিয়া নামি আহিছে ভয়-শংকা।

দিনে ৰাতিয়ে গাঁওবাসীৰ বাঘৰ আতংক৷ অঞ্চলটোত বীৰদৰ্পে বিচৰণ কৰিছে বনৰজা৷ বৰছলা সমষ্টিৰ প্ৰায় ৮ হাজাৰ লোকে বসতি কৰা এই অঞ্চলটোত এতিয়া ফুট গধূলিতে দুৱাৰ মাৰি বাঘৰ ভয়ত লুকাই থাকে ৰাইজ৷ যিসমূহ পৰিয়ালৰ বাসগৃহ অতি জৰাজীৰ্ণ সেই সকলে নিশাটো কটাবলৈ আশ্ৰয় বিচাৰি লৈছে চুবুৰীৰ পকীঘৰ থকা পৰিয়ালত৷

মুঠতে বাঘৰ ভয়ত আতংকময় হৈ পৰিছে চৌদিশ৷ ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ সমীপৱৰ্তী বৰছলাৰ থাপাপাল চুবুৰী আৰু নিছলামাৰী গাঁৱৰ পৰা শুকুৰবাৰে নিশা দুজন লোকৰ গোহালি ভাঙি দুটাকৈ গোধন লৈ যায় বাঘে। ৭ আগষ্টৰ পৰা এই পৰ্যন্ত অঞ্চলটোত বাঘৰ চিকাৰ হৈছে কেইবাটাও গৰু৷

একোটা দৰিদ্ৰ পৰিয়ালৰ জীৱিকা অৱলম্বন গাইজনী নাইবা হালৰ গৰুটো নিধন কৰি বাঘে নিবাৰণ কৰিছে পেটৰ ভোক৷ ফলত অঞ্চলটোত নিশাৰ ভাগত কৰ’বাত কিবা শব্দ শুনিলেই বাঘ ওলাইছে বুলি হুলস্থুলীয়া পৰিৱেশৰ কৰে ৰাইজে ৷ উল্লেখ্য যে কেইমাহ মান পূৰ্বে বৰভগীয়া গাৱঁৰ ৰুদ্ৰ খনাল নামৰ এজন গৰখীয়া লোকক বাঘে চোঁচৰাই নি অৰণ্যত ভক্ষণ কৰিছিল৷

ইয়াৰ পিছতেই একাদিক্ৰমে বাঘে অঞ্চলটোত চলাই গৈছে পশুধনৰ ওপৰত আক্ৰমণ৷ যিকোনো মুহূৰ্ততে বাঘ নৰখাদক হৈ পৰাৰ শংকাত ভুগিছে বৰছলাবাসী৷ ইফালে অঞ্চলটোৰ এই সকল লোকক বাঘৰ সন্ত্ৰাসৰ পৰা নিৰাপত্তা দিবলৈ বনবিভাগে বিশেষ কোনো ভূমিকা গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে ৰাইজে৷