
কোকৰাঝাৰঃ সভ্য সমাজক কলংকিত কৰা ডাইনী কাণ্ড আকৌ সংঘটিত হ’ল এই খন অসমত৷ জাতীয়-জনগোষ্ঠীয় ছাত্ৰ নেতাই বোল ছবিত অভিনয় কৰি ডাইনী কাণ্ডৰ বিৰুদ্ধে সমাজক মেচেজ দিয়াৰ পিছতো পুনৰ ডাইনী কাণ্ড সংঘটিত হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰাজ্যত৷
একৈশ শতিকাত তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ আমুল উত্তৰণৰ সময়তে এচাম অন্ধবিশ্বাসী লোকে ডাইনী সন্দেহত এহাল দম্পত্তিক নিৰ্যাতন চলাই নিজ গাঁৱৰ পৰা খেদি পঠিওৱা ঘটনা পোহৰলৈ অহাত সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ বিটিএডিৰ কোকৰাঝাৰ জিলাৰ নায়েকগাঁৱৰ ডাৱৰগাঁও নিৱাসী দীপু ব্ৰহ্মই গাঁওবাসীৰ নিৰ্যাতনৰ পৰিণতিতে পত্নী আৰু সন্তান সহিতে একমাত্ৰ প্ৰাণৰ মমতাত এবছুৰ কাৰ্যালয়ত আশ্ৰয় লবলগীয়া হোৱা ঘটনাই সভ্য সমাজৰ আচল স্বৰূপ উদঙাই দিছে ৷
ডাইনী সন্দেহতে গাওঁৰ পৰা বিতাড়ন হোৱাৰ পিছত আজি দীপু ব্ৰহ্ম (৩৮) আৰু তেওঁৰ পত্নী নাছি ব্ৰহ্মই (২৯) কোকৰাঝাৰ সদৰ থানাত ঘটনাই লজ্জানত কৰিছে সভ্য সমাজক৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে এখন এজাহাৰ দাখিল কৰা হৈছে৷ ডাইনী সন্দেহত নিৰ্যাতনৰ সন্মুখীন হোৱা দুৰ্ভগীয়া দম্পত্তীহালে যোৱা ২০ অক্টোবৰৰ নিশা একেখন গাঁৱৰ এচাম অন্ধবিশ্বাসী লোকে ডাইনী সন্দেহত তেওঁলোকক নিজ ঘৰতে অকথ্য নিৰ্যাতন চলায়৷
অন্ধবিশ্বাসী গঞা ৰাইজে দম্পত্তিহালে ডাইনী চৰ্চা আৰু কবিৰাজী কৰাৰ সন্দেহতে তেওঁলোকৰ ওপৰত নিৰ্যাতন চলাইছিল বুলি দম্পত্তিহালে সদৰি কৰে৷ উল্লেখ্য যে ঘটনা সন্দৰ্ভত যোৱা ২২ অক্টোবৰত ডাৱৰগাঁঁৱত এখন গাঁওসভা অনুষ্ঠিত হৈছিল আৰু উক্ত গাঁওসভাৰ সিদ্ধান্ত মৰ্মে দম্পত্তিহালক গাঁও ত্যাগ কৰিবলৈ নিৰ্দেশনা দিয়ে৷ সেইমতে দুৰ্ভগীয়া পৰিয়ালটোৱে দিশহাৰা হৈ প্ৰথমে নায়েকগাঁৱৰ আঞ্চলিক এবছুৰ কাৰ্যালয় আৰু পিছলৈ কোকৰাঝাৰস্থিত বাগানশালিত থকা এবছুৰ কেন্দ্ৰীয় কাৰ্যালয় বডোফা হাউছত উপস্থিত হৈ ঘটনা সন্দৰ্ভত বিস্তাৰিতভাৱে এবছুৰ কৰ্মকৰ্তাসকলক অৱগত কৰে৷
অৱশেষত এবছুৰ কাৰ্যালত আশ্ৰয় লবলৈ বাধ্য হয় ৷ দূৰ্ভগীয়া দম্পত্তিহালে ন্যায় বিচাৰি আজি কোকৰাঝাৰ সদৰ থানাত এজাহাৰ দাখিল কৰাৰ পিছতেই সংবাদমাধ্যমৰ আগত চকুলো টুকি তেওঁলোক দিনহাজিৰা কৰি কোনোমতে দুই সন্তানক পোহপাল দি আহিছে আৰু তেওঁলোক ডাইনী চৰ্চা তথা কবিৰাজৰ কাম নকৰে বুলি কয়। ঘটনাক এবছুকে ধৰি বিভিন্ন দল-সংগঠনে তীব্ৰ গৰিহণা দিয়াৰ লগতে দুৰ্ভগীয়া পৰিয়ালটোক ন্যায় প্ৰদান কৰিবলৈ শেহতীয়াভাৱে ডাৱৰগাঁৱত এক সভা অনুষ্ঠিত কৰিছে।
এবছু, এনডিএফবি(প্ৰ), বড়োসমাজ, বিপিএফ, আবৌফ আদিকে ধৰি কেবাটাও সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত তথা বড়ো সমাজৰ সভাপতি বিবেকানন্দ নাৰ্জাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত সমাজ সচেতনতা সভাত সমাজৰ পৰা ডাইনী প্ৰথা সমুলঞ্চে নিৰ্মুল কৰাৰ সপক্ষে সকলোৱে মত আগবঢ়ায় আৰু দূৰ্ভগীয়া পৰিয়ালটোক পুণৰাই গাঁৱলৈ উভতাই আনিবলৈ সিদ্ধান্ত গ্ৰহন কৰে। সেইমতে মঙলবাৰে দূৰ্ভগীয়া পৰিয়ালটো পুণৰাই গাঁৱত উপস্থিত হৈছে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগতো ডাইনী কাণ্ডৰ দৰে ঘটনাই সভ্য সমাজক লজ্জানত কৰি তুলিছে।