তামুলপুৰঃ সভাই সমিতিয়ে বৰ বৰ কথাৰে উন্নয়ণৰ শ্ল’গান দিয়ে বিটিচিৰ শাসনাধিষ্ঠিত বিপিএফ দলৰ নেতা-কৰ্মীয়ে৷ বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিটিএডিক মডেল বিটিচিলৈ ৰূপান্তৰিত কৰা হ’ব বুলিও কয় সভা সমিতিয়ে৷ ১২ বছৰে একেৰাহে বিটিচিক শাসন কৰা বিপিএফ দলে সভা-সমিতিয়ে কৈ অহাৰ দৰে প্ৰকৃততে বিটিএডিৰ উন্নয়ণ হৈছে নে৷ এই প্ৰশ্ন সততে বিটিএডি অঞ্চলত উত্থাপিত হৈ আহিছে৷ বিটিএডিৰ বাট-পথ, স্কুল-কলেজ, চিকিৎসালয়, বিশুদ্ধ পানী যোগান আচনি আদিৰ প্ৰকৃততে উন্নয়ণ হৈছেনে৷

বিটিএডিৰ বাক্সা জিলাৰ তামুলপুৰৰ এখন চিকিৎসালয়ে এই প্ৰশ্ন সমূহৰ উত্তৰ স্পষ্ট কৰিছে৷ ৰাজ্যৰ পৰিৱৰ্তনকামী চৰকাৰৰ অংশীদাৰী দল বিপিএফৰ দখলত থকা বিটিএডিৰ উন্নয়ণৰ স্বৰূপটো তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰই উদঙাই দিছে৷ স্বাস্থ্য কেন্দ্ৰটোত পৰ্যাপ্ত সুবিধা নথকাৰ লগতে এজাক বৰষুণতে একাঠু পানী জমা হয়৷ যাৰ ফলত ৰোগীয়ে জোতা-চেণ্ডেল হাতত লৈ চিকিৎসালয়ৰ প্ৰবেশ কৰিব লগা হয়৷

বছৰ বছৰ ধৰি চিকিৎসালয় খনৰ চৌহদত এজাক বৰষুণতে পানী জমা হৈ ৰোগী তথা ৰোগীৰ পৰিয়ালে ব্যাপক সমস্যাত পৰাৰ পিছতে চকুত পৰা নাই সাংসদ বিশ্বজিৎ দৈমাৰী, নৱ শৰনীয়া, স্থানীয় জিএম দেৱেন বড়োৰ লগতে একেটা মহকুমাৰ পৰা প্ৰতিনিধিত্ব কৰা বিটিচিৰ ইএম গনেশ কছাৰী আৰু মহেশ্বৰ বসুমতাৰীৰ৷ চিকিৎসালয় খনৰ চৌহদ ওখ কৰিবলৈ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ কৰে ৰাইজে৷ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিভিন্ন সভা-সমিতিত বিটিএডিত উন্নয়ণৰ শ্ল’গান আওৰাই থাকিলে কাৰ্যত ফুটুকাৰ ফেনহে মাথোন, তাৰেই প্ৰমাণ কৰিছে তামুলপুৰৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰই। কেৱল তামুলপুৰ প্ৰথমিক স্বাস্থ্য কেন্দ্ৰই নহয় তামুলপুৰ মহকুমাৰ প্ৰায় চিকিৎসালয়ৰ পৰিবেশ উন্নত নহয় বুলি অভিযোগ কৰে একাংশ লোকে৷