
লংকাঃ আহক বাৰিষা, কাটক পাত ৰৈ যা ভিনীহি খাই যা ভাত৷ আপ্ত বাক্য শাৰিত কোৱাৰ দৰে বাৰিষা ভিনীহি নাহিলেও শৰালিৰ আগমনৰ লগে লগে পথাৰৰ ধান খেতি খাবলৈ পাহাৰৰ পৰা নামি আহিছে হাতীৰ জাক৷ কপালৰ ঘাম মাটিত পেলাই কৰা খেতি হাতীৰ জাকে নষ্ট কৰে। যাৰ ফলত ঘৰ আহি নাপালে সোণগুটি।
সোণগুটি কেইটা হাতীয়ে খাই তহিলং কৰিলে৷ হয়, হোজাই জিলাৰ বামুনগাঁও অঞ্চলৰ কৃষকে সোণগুচি ঘৰলৈ আনিব নোৱাৰিলে৷ বনৰীয়া হাতীৰ জাকে তহিলং কৰিলে কৃষকৰ সপোনৰ পথাৰ খন৷ হাতী-মানুহৰ সংঘাতত নিদ্ৰা হৰণ হৈছে হোজাই জিলাৰ লংকাৰ বামুনগাঁও অঞ্চলৰ লোকৰ৷ বছৰ বছৰ ধৰি বনৰীয়া হাতীৰ উপদ্ৰৱত জীৱন সম্পত্তি হেৰাই হাহাকাৰ কৰিব লগা হৈছে শ-শ লোকে৷
প্ৰতি বছৰে বনৰীয়া হাতীৰ জাক পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি আহি আতংকৰ সৃষ্টি কৰে যদিও বন বিভাগে হাতী খেদাৰ ব্যৱস্থা নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ এই বেলিও বন্যহস্তীৰ এটা বৃহত জাক অঞ্চলটোত থিতাপি লৈ সন্ত্ৰাসৰ সৃষ্টি কৰে৷ খাদ্যৰ সন্ধানত লামডিং বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰা প্ৰায় ৫০/৬০টা হাতীৰ জাকে শনিবাৰে নিশা বামুনগাঁৱত প্ৰৱেশ কৰি উপদ্ৰৱ চলায়৷
বন্য হস্তীয়ে অঞ্চলটোত প্ৰবেশ কৰি কেবাটাও বাসগৃহ লণ্ড-ভণ্ড কৰাৰ লগতে বহু বিঘা ধান খেতি খাই বিস্তৰ ক্ষতি সাধন কৰে৷ পিছত বন বিভাগ তথা প্ৰশাসনৰ লোক উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত হাতীৰ জাকটো খেদি পঠাবলৈ সক্ষম হয়৷ বন্য হস্তীৰ সন্ত্ৰাসত নিশা অঞ্চলবাসীৰ মাজত আতংকৰ লৃষ্টি হোৱাৰ লগতে উজাগৰী নিশা কটাব লগীয়া হয়৷