মাৰ্ঘেৰিটাঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত মাৰ্ঘেৰিটা মহাবিদ্যালয়ত শনিবাৰে হৈ যোৱা ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণাত পক্ষপাতিত্বৰ অভিযোগৰ সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীয়ে সাব্যস্ত কৰা প্ৰতিবাদৰ ফলত  শনিবাৰৰ নিশাৰ পৰা বিৰাজ কৰিছে উত্তপ্ত পৰিস্থিতিয়ে৷

আজি বিয়লিৰ পৰা পৰিস্থিতিয়ে হিংসাত্মক ৰূপ ধাৰণ কৰিছে৷ শনিবাৰে ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফলত ব্যাপক অনিয়ম হোৱা বুলি অভিযোগেৰে প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীয়ে বেলট বাকচ জ্বলাই দিয়া আদি বিষয়ৰ লগতে নিৰ্বাচন পুনৰ অনুষ্ঠিত কৰণৰ সন্দৰ্ভতো পৰিস্থিতি ভয়াবহ হৈ পৰে৷

আজি মাৰ্ঘেৰিটাৰ স্থানীয় বিধায়ক তথা মহাবিদ্যালয় পৰিচালনা সমিতিৰ সদস্য ভাস্কৰ শৰ্মাৰ উপস্থিতিত পৰিচালনা সমিতিৰ সভা অনুষ্ঠিত হৈ যোৱাৰ পিছতে পৰিস্থিতিয়ে অধিক ভয়াবহ ৰূপ ধাৰণ কৰে৷ ছাত্ৰ-ছাত্ৰীৰ দাবী অনুসৰি একতা সভাৰ নিৰ্বাচন পুনৰ অনুষ্ঠিত কৰণৰ সন্দৰ্ভত উক্ত সভাত বিশেষ সিদ্ধান্তত উপনীত হ’ব নোৱাৰাৰ পিছতে ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা মহাবিদ্যালয় প্ৰাংগণত ভাস্কৰ শৰ্মা মুৰ্দাবাদ, অধ্যক্ষ বুধিন গগৈ মুৰ্দাবাদ, এবিভিপি গ' বেক আদি শ্লোগানেৰে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰা হয়৷

সম্ভাৱ্য পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পূৰ্বৰে পৰা ঘটনাস্থলীত উপস্থিত থকা আৰক্ষী তথা চিআৰপিএফৰ জোৱানে বৰ্বৰ ভাৱে ছাত্ৰ-ছাত্ৰী সকলৰ ওপৰত খেদি খেদি লাঠি চালনা কৰে৷ উক্ত লাঠি চালনাত বৰ্তমানলৈকে এগৰাকী ছাত্ৰী সহ কেইবাজনো ছাত্ৰ গুৰুতৰ ভাৱে আহত হোৱাৰ তথ্য লাভ কৰা হৈছে৷

আৰক্ষীৰ লাঠি চালনাত ক্ষোভিত শ শ  ছাত্ৰ-ছাত্ৰীয়ে মাৰ্ঘেৰিটা নগৰৰ ব্লক তিনি আলি আৰু চেগুণবাৰী তিনিআলিৰ বিধায়ক কাৰ্যালয়ৰ সন্মুখত ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে৷ মাৰ্ঘেৰিটা ব্লক তিনি আলিত সতীৰ্থৰ ওপৰত আৰক্ষীৰ লাঠি চালনাত ক্ষোভিত প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীয়ে ব্যাপক শিলগুটি বৰ্ষণ কৰাত আৰক্ষীয়ে দাগী-অপৰাধীৰ দৰে ছাত্ৰ-ছাত্ৰীৰ ওপৰত লাঠি চালনাতে সীমাৱদ্ধ নাথাকি কেইবাৰাউণ্ড গুলীবৰ্ষনো কৰিবলৈ বাধ্য হয়৷

আৰক্ষীয়ে কেইবাজনো প্ৰতিবাদী ছাত্ৰ তথা ছাত্ৰ নেতাক আটক কৰিছে যদিও পৰিস্থিতি উত্তপ্ত হৈয়েই আছে৷ ছাত্ৰ-ছাত্ৰী সকলে ফলাফল ঘোষণাত অনিয়ম হোৱা বুলি দাবী কৰা শনিবাৰৰ নিৰ্বাচনত এবিভিপিৰ দ্বাৰা সমৰ্থিত প্ৰাৰ্থীজনে জয়লাভ কৰাৰ পিছতে মহাবিদ্যালয় নিৰ্বাচনত দলীয় ৰাজনীতিৰ পয়োভৰ ঘটা বুলি গুৰুত্বপূৰ্ণ অভিযোগ কৰিছে আছু, আটাছু, ছাত্ৰ মুক্তি আদি ছাত্ৰ সংগঠনসমূহে৷

ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ কেম্পেইনিঙৰ নামত ছাত্ৰ-ছাত্ৰীৰ মাজত বাকচে বাকচে সুৰা আৰু মাংস আদি বিলোৱাৰ লগতে একাংশ মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীও বিশেষ ভাৱে জড়িত থকাৰ অভিযোগ উঠিছে৷ ইতিমধ্যে, আছুৰ মাৰ্ঘেৰিটা আঞ্চলিকৰ সম্পাদক বুলবুল শইকীয়া আৰু সহ-সম্পাদক প্ৰশান্ত গগৈৰ লগতে আন কেইবাজনো ছাত্ৰ-ছাত্ৰীক আৰক্ষীয়ে আটক কৰাৰ বিষয়ে স্পষ্ট হৈছে৷

আছুৰ জিলা নেতৃত্বৰ লগতে শতাধিক ছাত্ৰ সংগঠনৰ সদস্যই নিশাৰ লৈকে থানাৰ সন্মুখত বাহৰ পাতি আটকাধীন ছাত্ৰ সকলক মুক্তিৰ দাবী জনাইছে৷