নামতিঃ কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ যোৱা অসমৰ যুৱক বিভিন্ন সময়ত হত্যাৰ বলি হৈ অহাৰ সময়তে পুনৰ শিৱসাগৰ জিলাৰ নামতি পথাৰ, বামুণবাৰীৰ এজন যুৱক চেন্নইত দুৰ্বৃত্তৰ আক্ৰমনৰ বলি হোৱা ঘটনা পোহৰলৈ অহাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

ঘটনা সন্ধৰ্ভত জানিব পৰা মতে, আমগুৰি আৰক্ষী থানাৰ অন্তৰ্গত উক্ত অঞ্চলটোৰ ডিম্বেশ্বৰ বৰা (৩৮) নামৰ বিবাহিত যুৱকজন যোৱা ১১ আগষ্টত নামতিয়াল গাঁৱৰ আনন্দ বৰুৱা (৫৬) আৰু খনিকৰ গাঁৱৰ জয়ন্ত চুতিয়া (৩৫) ৰ লগত বাংগালোৰলৈ কৰ্মৰ  সন্ধানত গৈছিল৷ কিন্তু তিনিওজনৰ ৰেল যাত্রাৰ পথত  ডিম্বেশ্বৰ বৰাই চেন্নাই এটা ৰেল ষ্টেচনত খোৱা পানী আনিবলৈ যাওঁতে পলম হোৱাত ৰেলখন গুচি যায়৷

উপায়হীন হোৱা ডিম্বেশ্বৰ বৰাক হঠাৎ এটা দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰি হত্যাৰ চেষ্টা চলায়। মুমূৰ্ষ অৱস্থাত চেন্নাই আৰক্ষীয়ে বৰাক উদ্ধাৰ কৰি স্থানীয় এখন চিকিৎসালয়ত ভৰ্ত্তি কৰায়। চেন্নাই আৰক্ষীয়ে যুৱক জনৰ পৰিচয় লাভ কৰি আমগুৰি আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰাৰ লগতে এখন ফটো প্ৰেৰণ কৰি উদ্ধাৰ কৰিবলৈ আহ্বান জনায়।

আমগুৰি আৰক্ষীয়ে স্থানীয় গওঁৰক্ষী বহিনীৰ সম্পাদকৰ যোগেদি ১৮ আগষ্টত পৰিয়ালক থানালে মাতি ঘটনাটো অবগত কৰে৷ ইফালে অতি দৰিদ্ৰ পৰিয়ালৰটোৱে ঘটনা সন্দৰ্ভত অৱগত হয় যদিও বৰ্তমানলৈ অৰ্থৰ অভাৱৰ বাবে চেন্নাইলৈ যাব পৰা নাই।

প্ৰাপ্ত অভিযোগ মতে, আমগুৰি আৰক্ষী প্ৰশাসনে আজি পৰ্যন্ত পৰিয়ালটোক সহযোগ নকৰাত তিনি সন্তানৰ সৈতে ডিম্বেশ্বৰ বৰাৰ পত্নী ৰীতামণি বৰা এতিয়া  নিৰুপায় হৈ পৰিছে।

আনহাতে দুৰ্বৃত্তৰ আক্ৰমনৰ বলি হোৱা নিজ স্বামী বৰ্তমান জীৱিত নে মৃত অৱস্থাত আছে সেই সন্দৰ্ভতো অৱগত নহয় বুলি জানিব পৰা গৈছে৷ দৰিদ্ৰ পৰিয়ালটোৰ ভুক্তভোগী পত্নীয়ে আজি সংবাদ মধ্যমৰ যোগেদি আৰক্ষী প্ৰশাসনৰ লগতে দল-সংগঠনক স্বামী ডিম্বেশ্বৰ বৰাক উদ্ধাৰ কৰাত সহযোগিতা কৰিবৰ বাবে আহ্বান জনাইছে।