
লখিমপুৰঃ যোৱা কেইবাটাও দশক ধৰি বিদেশী সমস্যা সমাধান কৰাৰ দাবীত উত্তাল হৈ আছে ৰাজ্য৷ অসমক ভাল পোৱা প্ৰতিটো দল-সংগঠনে ৰাজ পথ উত্তাল কৰি বিদেশী সমস্যা সমাধানৰ স্বাৰ্থত এখন শুদ্ধ নাগৰিক পঞ্জীৰ দাবী জনাই আহিছে৷ তৰুণ গগৈ চৰকাৰৰ শাসন কালত নাগৰিক পঞ্জীৰ বাবে কাম আৰম্ভ কৰে যদিও সমাপ্ত নহ’ল নাগৰিক পঞ্জীৰ কাম৷
শেহতীয়াকৈ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ সহযোগত তথা আদালতৰ নিৰক্ষণত ক্ৰমে আগবাঢ়িছে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ খচৰা প্ৰকাশৰ দিশে৷ দীৰ্ঘদিনিয়া জটিল সমস্যা এটি সমাধানৰ দিশে আগবঢ়াৰ সময়তে একাংশ লোকে পুনৰ এই পক্ৰিয়াত বাধা দিয়াৰ চেষ্টা কৰা দেখা যায়৷ তাৰ লগে লগে ৰাজ্যৰ জাতীয় দল-সংগঠন সক্ৰিয় হৈ চৰকাৰক সম্পূৰ্ণ সহায় কৰিবলৈ সাজু হৈ পৰে৷ কোনো কাৰণত বাধাৰ সন্মুখীন হ’ব নালাগে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ কামত৷
তাৰ মাজতে ৰাজ্যত এন আৰ চিৰ খচৰা তালিকাক লৈ জনসাধাৰণৰ মাজত সৃষ্টি হোৱা শংকা আতংক, উৰাবাতৰি নাইবা অপপ্ৰচাৰত কাণ নিদিবলৈ আহ্বান জনাইছে এন আৰ চি কৰ্তৃপক্ষই। ইয়াৰ বাবে জনতাৰ মাজত সজাগতা সৃষ্টিৰ বাবে গোহাৰিপত্ৰ বিতৰণ, বাতৰি কাকত, টি ভি চেনেলসমূহত বিজ্ঞাপন প্ৰকাশ কৰিছে। বিষয়টো সন্দৰ্ভত কোনো সন্দেহ আশংকা থাকিলে ৰাইজে এন আৰ চি সেৱা কেন্দ্ৰ, ৰাজহ চক্র বিষয়া, নাগৰিকপঞ্জীৰ চক্র পঞ্জীয়ক, জিলা উপায়ুক্ত আৰু নাগৰিক পঞ্জীয়নৰ জিলা পঞ্জীয়কৰ (ডি আৰ চি আৰ) সৈতে যোগাযোগ কৰিব পাৰিব বুলি কয়।
এই ক্ষেত্ৰত এন আৰ চিৰ হেল্পলাইন নম্বৰ ১৫১০৭ নম্বৰতো ফোন কৰি তথ্য জানিব পাৰিব৷ অসমৰ বাহিৰত বসবাস কৰা ব্যক্তিৰ বাবে ১৮০০৩৪৫৩৭৬২ ন্মবৰত যোগাযোগ কৰিব পাৰিব। জনসাধাৰণ শংকিত নহৈ এখন শুদ্ধ নাগৰিক পঞ্জীৰ বাবে সকলো ৰাইজে সহায়-সহযোগ কৰাৰ আহ্বান জনাই অসমৰ প্ৰকৃত বাসিন্দাৰ পৰিচয় দি এজন সু-নাগৰিকৰ হোৱাৰ দায়িত্ব পালন কৰাৰ আহ্বান জনাই ৰাজ্যৰ একাংশ সচেতন নাগৰিকে।