গোৰেশ্বৰঃ ৰেল যাত্ৰাৰ সমস্যাক লৈ সজাগ দেশৰ ৰেল মন্ত্ৰী সুৰেশ প্ৰভূ। যাত্ৰীৰ সৈতে পোনপটীয়াকৈ যোগাযোগ ৰক্ষা কৰি চলে মন্ত্ৰীগৰাকীয়ে। ৰেল যাত্ৰাত পোৱা সমস্যাসমূহ তথা অসুবিধাসমূহ লগে লগে যাত্ৰীয়ে টুইট কৰি জনাব পাৰে মন্ত্ৰীগৰাকীক।

মন্ত্ৰীগৰাকীয়ে যাত্ৰীৰ টুইট লাভ কৰি ইতিমধ্যে দেশৰ কেইবাগৰাকী যাত্ৰীৰ খাদ্যৰ সমস্যাৰ লগতে আন আন সমস্যা তৎপৰাতাৰে সমাধান কৰি চমকৰ সৃষ্টি কৰিছিল৷ তেনে চমকৰ পাছতো অসমৰ বহু ৰেল ষ্টেছনত যাত্ৰীয়ে হেজাৰ সমস্যা ভোগ কৰি আহিছে বুলি অভিযোগ উত্থাপিত হৈ আহিছে৷

ৰেল মন্ত্ৰী সুৰেশ প্ৰভূৰ এনে চেষ্টাক ব্যৰ্থ প্ৰতিপন্ন কৰি  ৰঙিয়া-মুৰ্ককচেলেং ৰেল পথৰ বিটিএডিৰ বাক্সা জিলাৰ একমাত্র ৰেল ষ্টেছন গোৰেশ্বৰ ৰেল ষ্টেছনত খোৱা পানীৰ ব্যৱস্থা নথকাৰ লগতে, শৌচ-প্ৰস্ৰাৱ কৰিবলৈ মানুহ জংঘললৈ যাব লগা হয়৷ উৎকট গৰমৰ পাছতো নুঘূৰে যাত্ৰী জিৰণ চ'ৰাৰ ফেন৷ জিলাখনৰ একমাত্র ৰেল ষ্টেছনটোত যিখিনি সুবিধা থাকিব লাগে সেয়া উপলব্ধ নোহোৱোত অসুবিধাত পৰিছে যাত্ৰীসকল।

দৈনিক চাকৰিয়াল, ব্যৱসায়ী, ছাত্ৰ-ছাত্ৰী সহিতে সহস্ৰাধিক লোকে গুৱাহাটী মহানগৰকে ধৰি ৰাজ্যৰ বিভিন্ন ঠাইলৈ আহ-যাহ কৰে৷ ভাৰত-ভূটান সীমান্তৰ পৰা কামৰূপৰ গাছবাৰীলৈকে এই ষ্টেছনটোৰ পৰাই শ শ লোকে বিভিন্ন ঠাইলৈ যাত্ৰা কৰে৷ মাথো চাৰিটা বছৰ পূৰ্বে উত্তৰ-পূব সীমান্ত ৰেলৱেই কোটি কোটি টকা খৰছ কৰি ব্ৰডগজ ৰেল লাইনলৈ পৰিণত কৰিছিল ৰঙিয়া ৰেল জংচনৰ অধীনৰ ৰঙিয়া-মুৰ্ককচেলেং ৰেল পথটো ৷

ঠিকাদাৰে নিম্ন মানৰ সামগ্ৰীৰে ৰেল ষ্টেছনৰ সা-সামগ্ৰী লগোৱাৰ লগতে টয়লেট আৰু আন আন গৃহ সমূহ নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ টয়লেটৰ পৰা পানী ওলাই নাযায়৷ খোৱা পানীৰ ব্যৱস্থা বিকল হৈ পৰে৷ যাৰ বাবে ৰেল ষ্টেছনটোত প্ৰস্ৰাৱ-পায়খানা কৰাৰ কোনো সুবিধা নোহোৱা হৈ পৰিছে।

প্ৰকৃততে ষ্টেচনটো নিৰ্মাণৰ সময়তে শৌচাগাৰ-প্ৰস্ৰাৱগাৰ নিৰ্মাণ কৰা হৈছে যদিও অনবৰতে ইয়াতে ওলমি থাকে তলা। ষ্টেছন মাষ্টাৰক এই বিষয়ে অভিযোগ দিয়াত যাত্ৰীয়ে এইটো লেতেৰা কৰি নষ্ট কৰি থৈছে বুলি কয়৷ কিছু মেৰামতিও কৰিব লগা আছে আৰু আমি মানুহ মাতি পঠাইছে যদিও অহা নাই বাবে এনে অৱস্থা হৈ আছে বুলি দায় সৰা মন্তব্য কৰে ষ্টেছন মাষ্টৰগৰাকীয়ে।

মহিলা যাত্ৰীৰ লগতে পুৰুষ যাত্ৰীয়ে প্ৰস্ৰাৱ কৰিবলৈ ষ্টেছনটোত ঠাই বিচাৰি হাবাথুৰি খাব লগা হৈছে। নিয়মীয়া যাত্ৰীয়ে দিয়া অভিযোগ মতে ষ্টেছন মাষ্টাৰ গৰাকীয়ে নিজ মইমতালিৰে একাংশ যাত্ৰীয়ে লেতেৰা কৰাৰ অজুহাত দেখুৱাই দিনৰ পিছত দিনধৰি তলা ওলমাই ৰাখিছে শৌচাগাৰ-প্ৰস্ৰাৱগাৰত।

চাফাই কৰ্মী ষ্টেছনটোত আছে যদিও ষ্টেছনটোৰ শৌচাগাৰ-প্ৰস্ৰাৱগাৰ পৰিস্কাৰ কৰাৰ বিপৰীতে যাত্ৰীক হাৰাশাস্তি দিয়াত ভীষণ অসুবিধা ভোগ কৰিছে যাত্ৰীয়ে। ইপিনে অতিশয় গৰমতো ষ্টেছনটোত থকা এখনো বৈদ্যুতিক পাংখা নচলায় ষ্টেচন মাষ্টাৰে। যাত্ৰীৰ বাবে থকা সাধাৰণ সুবিধাখিনিও প্ৰদান কৰিব নিবিচৰা ষ্টেছন মাষ্টাৰৰ এনে ব্যৱহাৰত অতিষ্ঠ হৈ পৰিছে যাত্ৰীসকল।

এইক্ষেত্ৰত উত্তৰ-পূব সীমান্ত ৰেলৱেৰ কৰ্তৃপক্ষই বিহিত ব্যৱস্থা লৈ জিলা এখনৰ একমাত্র ষ্টেছনটোত সা-সুবিধা প্ৰদান কৰিবলৈ দাবী জনাইছে। আনহাতে যিহেতু গোৰেশ্বৰ বাক্সা জিলাৰ একমাত্ৰ ষ্টেছন সেয়েহে সকলো ৰেল ৰখোৱা বিষয়েও বিবেচনা কৰিবলৈ উত্তৰ পূব-সীমান্ত ৰেলৱেৰ উৰ্দ্ধতম কৰ্তৃপক্ষ অনুৰোধ জনাইছে।