
নগৰবেৰাঃ ৰাজ্যৰ বহু শিক্ষকে বিনা বেতনে শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰিলে৷ বিনা বেতনে শিক্ষকতা কৰি বহু শিক্ষকে দৰমহা নাপায় পৰিয়াল চলাব নোৱাৰি আত্মহত্যা কৰে৷ তাৰ মাজতে এগৰাকী শিক্ষকে পুনৰ আত্মহত্যা কৰাৰ ভাবুকি প্ৰদান কৰাত চাঞ্চল্যৰ সৃষ্টি হৈছে বৰপেটা জিলাৰ চেঙাত৷
যোৱা ৯ বছৰে নিলম্বিত হৈ থকা শিক্ষকগৰাকীয়ে পৰিয়াল পোহপাল দিব নোৱাৰা অৱস্থা হোৱাত আত্মহত্যা কৰাৰ ভাবুকি প্ৰদান কৰে৷ বৰপেটা জিলাৰ চেঙা শিক্ষা খণ্ডৰ অধীনৰ ১০৫১নং কাশিমপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আতোৱাৰ ৰহমানক সুদীৰ্ঘ ৯ বছৰ ধৰি বৰপেটা জিলা শিক্ষা বিষয়াই নিলম্বিত কৰি ৰাখে৷
২০০৭ চনৰ ডিচেম্বৰ মাহত শিক্ষকগৰাকীক কোনো কাৰণ নদৰ্শোৱাকৈ জিলা প্ৰাথমিক শিক্ষা বিষয়াই নিলম্বন কৰে৷ বিদ্যালয়খনত সৰ্ব শিক্ষা আঁচনিৰ ধনেৰে নিৰ্মিত বিদ্যালয় গৃহৰ ধন আত্মাসাৎ কৰাৰ অভিযোগত তদানীন্তন জিলা প্ৰাথমিক শিক্ষা বিষয়া নিবাৰণ দাসে শিক্ষকজনক নিলম্বন কৰে।
গৃহ নিৰ্মাণৰ আৱন্টিত মুঠ ছয় লাখ ষাঠি হাজাৰ টকাৰ তিনি লাখ ষাঠি হাজাৰ টকা বিদ্যালয় পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাৰ প্ৰস্তাৱ মৰ্মে প্ৰধান শিক্ষকগৰাকীয়ে সেই সময়ৰ পৰিচালনা সমিতিৰ সভাপতি আবুল কালাম আজাদৰ সৈতে বেংকৰ পৰা উলিযায় অনা বুলি কয়৷
ইমানে নহয় বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য-সদস্যাৰ সৈতে একেলগে বিদ্যালয় গৃহ নিৰ্মাণৰ যাৱতীয় সা-সামগ্ৰী ক্ৰয় কৰা বুলিও কয় শিক্ষকগৰাকীয়ে৷ স্থানীয় একাংশ লোকৰ সৈতে বিদ্যালয় গৃহ নিৰ্মাণৰ নামত মতভেদ হোৱাত বিদ্যালয় পৰিচালনা সমিতিৰ নিৰ্দেশ মৰ্মে প্ৰধান শিক্ষকগৰাকীয়ে এখন সভাৰ আহ্বান কৰে।
অৱসৰ প্ৰাপ্ত শিক্ষক ইউনুছ আলীৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ প্ৰস্তাৱ মৰ্মে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱক, বিদ্যালয় পৰিচালনা সমিতিৰ হেচাত বিদ্যালয়খনৰ পৰা নাতিদূৰৈত বিদ্যালয়ৰ নামত থকা ভূমিত গৃহৰ নিৰ্মাণৰ কাম আৰম্ভ কৰে শিক্ষকগৰাকীয়ে।
জিলা প্ৰাথমিক শিক্ষা বিষয়াক প্ৰধান শিক্ষকগৰাকীয়ে বিদ্যালয়টোৰ গৃহ নিৰ্মাণৰ ক্ষেত্ৰত একাংশ ৰাইজৰ মাজত সৈতে মতভেদ হোৱাৰ কথা জনোৱা বুলি কয় শিক্ষকগৰাকীয়ে৷ বিষয়াগৰাকীয়ে ২৫ শতাংশ কমিছন বিচাৰি বিদ্যালয়ৰ কাম আৰম্ভ কৰিবলৈ কয় বুলি অভিযোগ উত্থাপন কৰে নিলম্বিত শিক্ষকগৰাকীয়ে৷
নিলম্বিত শিক্ষকগৰাকীয়ে তেনে কৰিবলৈ অস্বীকাৰ কৰাত আৰু সংবাদ মাধ্যমৰ আগত জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ ধন দাবীৰ কথা ফাদিল কৰাত তদানীন্তন শিক্ষা বিষয়া নিবাৰণ দাসে নিলম্বিত কৰে শিক্ষকগৰাকীক৷ উল্লেখ্য যে, বিভিন্ন বাতৰি কাকত বিষয়াই ২৫ শতাংশ কমিছন বিছৰা সন্দৰ্ভত সবিস্তাৰে প্ৰকাশ পাইছিল বাতৰি৷
বিগত কংগ্ৰেছ চৰকাৰে শিক্ষা বিষয়া নিবাৰন দাসৰ বিৰুদ্ধে অভিযোগৰ কোনো তদন্ত নকৰিলে৷ বিদ্যালয়খনৰ গৃহ নিৰ্মাণৰ কাম চলি থকা অৱস্থাতে ২০০৭ চনৰ ২৬ ডিচেম্বৰত জিলা প্ৰাথমিক শিক্ষা বিষয়া নিবাৰণ দাসে পুনৰ জাননী নিদিয়ালৈ বিদ্যালয় গৃহৰ নিৰ্মাণৰ কাম সাময়িকভাৱে স্থগিত ৰাখে৷ প্ৰধান শিক্ষক-সভাপতিগৰাকীক লিখিতভাৱে আদেশ দিয়াৰ ফলত বিদ্যালয় খনৰ গৃহ নিৰ্মাণৰ বাবদ ক্ৰয় কৰা লাখ লাখ টকাৰ সা-সামগ্ৰী নষ্ট হৈ যায়৷
২০১০ চনৰ ২১ এপ্ৰিলত ৰাজ্যৰ প্ৰাথমিক শিক্ষা সঞ্চালকে EHA-170-2008-19 পত্ৰ যোগে শিক্ষকগৰাকীক চৰ্ত সাপেক্ষে পুনৰ বিদ্যালয়খনত যোগদান কৰিবলৈ নিৰ্দেশ দিয়ে যদিও জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ে কাৰ্যালয়টোৰ ফাইলতে আৱদ্ধ কৰি ৰাখিলে পত্ৰখন।
শিক্ষকগৰাকীয়ে নিলম্বিত হোৱাৰ পিছৰে পৰা অসম প্ৰাথমিক শিক্ষা সঞ্চালকৰ কাৰ্যালয়ত আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত প্ৰতি বছৰে নিলম্বিত প্ৰত্যাহাৰৰ বাবে আবেদন-নিবেদন কৰি আহিছে যদিও শিক্ষা বিভাগে তিলমানো গুৰুত্ব প্ৰদান নকৰাত শিক্ষক গৰাকীয়ে শাৰীৰিক-মানসিক ভাৱে ভাগি পৰা বুলি উল্লেখ কৰে।
শিক্ষা বিভাগৰ কাৰ্যালয়ত তাঁতবাতি কাঢ়ি ভাগৰি পৰা শিক্ষক গৰাকীয়ে অৱশেষত আত্মহত্যা কৰাৰ বাহিৰে কোনো বিকল্প নাই বুলি উল্লেখ কৰে। ছাত্ৰ-ছাত্ৰী, অভিভাৱক, বিভিন্ন দল-সংগঠনে জিলা প্ৰাথমিক শিক্ষা বিষয়াক পুনৰাই শিক্ষকগৰাকীৰ নিলম্বন প্ৰত্যাহাৰ কৰাৰ আহ্বান জনায়৷
পৰিয়াল পোহপাল দিব নোৱাৰি হতাশ হৈ পৰা শিক্ষকগৰাকীয়ে আত্মহত্যা কৰিলে ইয়াৰ বাবে কোন জগৰীয়া হ’ব বুলি প্ৰশ্ন উত্থাপন কৰে ৰাইজে। বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱক, অঞ্চলটোৰ বুদ্ধিজীৱি, শিক্ষক, দল-সংগঠন আৰু পৰিয়ালে শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক শিক্ষকগৰাকীৰ নিলম্বন প্ৰত্যাহাৰ কৰাৰ বাবে অনুৰোধ জনাইছে।