খাৰুপেটীয়াঃ ৰাজপথত চাৰিটা ৰক্তাক্ত মৃতদেহ পৰি ৰৈছে৷ মৃতদেহৰ চৌদিশে পৰি আছে হাৱাই চেণ্ডেল , তাৰে কিছুমানৰ ফিতা ছিঙা ৷ বন্দুকৰ গুলীত নিথৰ হৈ পৰি থকা দেহ কেইটাৰ সৰু সৰু ফুটাৰে তেজ ওলাই বহু দুৰলৈ বৈ গৈছে…৷ মৃতদেহৰ ওচৰে পাজৰে কেৱল আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ লোক টহল দি আছে।

দিনতে যেন মৰিশালী হৈ পৰিছিল৷ কিছুসময় আগলৈ হাজাৰ হাজাৰ লোকেৰে ভৰি থকা ৰাজপথ উদং হৈ গ’ল৷ দুই এজন লোকেহে দুৰৰ পৰা জুমি জুমি চাইছে সকলো দৃশ্য ।এই প্ৰতিচ্ছবি আছিল  ২০১১ চনৰ ১০ অক্টোবৰৰ দৰঙৰ ৷  নামণি অসমৰ খেতিৰ প্ৰাণকেন্দ্ৰ স্বৰূপ দৰঙৰ খাৰুপেটীয়াত সেইদিনা তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰ বিৰুদ্ধে হাজাৰ হাজাৰ কৃষকে প্ৰতিবাদ কৰিব ওলাই আহিছিল আৰু তাৰে চাৰি কৃষক উৎপাদিত ফচলৰ উচিত মুল্য পোৱাৰ সলনি চিৰদিনৰ বাবে শুই পৰিছিল।

দেহৰ ঘাম মাটিত পেলাই ৰ'দ বৰষুণ কাটি কৰি কৃষকে উৎপাদন কৰা ফচলৰ উচিত মুল্য নোপোৱাত ক্ষোভিত হৈ ৰাজ পথলৈ ওলাই আহিছিল হাজাৰ হাজাৰ কৃষক ৷ শাক-পাঁচলি, মৰাপাট আদি উৎপাদনৰ ক্ষেত্ৰত দ্বিতীয় স্থানত থকা খাৰুপেটীয়াৰ কৃষক সকলে ২০১১ চনত তেওঁলোকৰ উৎপাদিত সামগ্ৰী পানীৰ দৰত বিক্ৰী কৰিব লগা হৈছিল৷ হাজাৰ হাজাৰ টকা খৰছ কৰি উৎপাদন কৰা ফচল পশুধনক খুয়াব লগা হৈছিল , বিক্ৰীৰ অভাৱত পেলাই দিব লগা হৈছিল উৎপাদিত ফচল ৷

কৃষকৰ উৎপাদিত ফচল চৰকাৰে ক্ৰয় নকৰাৰ লগতে শীতলীকৰণ গৃহ নথকাত অবাবতে নষ্ট হৈ গৈছিল ফচল সমূহ । বিশেষকৈ ৰাজ্যৰ ভিতৰত মৰাপাট উৎপাদনত অন্যতম খাৰুপপেটীয়াত কৃষকে ২০১১ চনত মৰাপাট পানীৰ দৰত বিক্ৰী কৰিব লগা হৈছিল৷ মৰাপাটৰ খেতি কৰিয়ে পৰিয়াল পোহপাল দিয়া কৃষকসকলে মুৰে কপালে হাত দিব লগা হৈছিল ৷ লৰা-ছোৱালীৰ কাপোৰ-কানি, স্কুল কলেজৰ খৰছ, বেমাৰ-আজাৰ আদিকে ধৰি সকলো খৰছৰ বাবে উৎপাদিত ফচলৰ ওপৰতে খেতিয়কসকল নিৰ্ভৰশীল আৰু তেনেক্ষেত্ৰত উৎপাদিত ফচলৰ বজাৰমুল্য নোহোৱা হলে কৃষকসকল ক্ষুব্ধ হৈ উঠাটো তেনেই স্বাভাৱিক কথা ৷

কপালৰ ঘাম মাটিত পেলাই উৎপাদিত ফচল যেতিয়া কম দামত বিক্ৰী কৰিব লগা হয় তেতিয়া কৃষকৰ হাহাকাৰ অৱস্থাৰ কথা একমাত্ৰ কৃষকে হে উপলব্ধি কৰিব পাৰে ৷ উৎপাদিত ফচলৰ উচিত মুল্য বিচাৰি যেতিয়া কৃষকসকল ৰাজ পথলৈ ওলাই আহিল তেতিয়াই আৰক্ষীয়ে কৃষকৰ বুকুলৈ লক্ষ্য কৰি চলালে গুলী , যি গুলীয়ে কৃষকৰ সপোন তচনচ কৰি চাৰিগৰাকী কৃষকক চিৰদিনৰ বাবে শুই পৰিবলৈ বাধ্য কৰিলে। এডোঙা তেজৰ মাজত চিৰদিনৰ বাবে শুই পৰিল চাৰি কৃষক …।

কোনেও নাভাৱিলেও কৃষকসকলে ভাৱিছিল…কৃষকৰ শীতল দেহৰ বিনিময়ত শীতলীকৰণ গৃহ হব , উৎপাদিত ফচলৰ উচিত মুল্যও পাব ! কিন্ত… সেয়া হলনে ? ঘটনাই সাত বছৰ অতিক্ৰম কৰিলে কিন্তু আজিও কৃষকে পানীৰ দৰতে  বিক্ৰী কৰি আছে উৎপাদিত ফচল । দৰঙৰ খাৰুপেটীয়া আৰু বেচিমাৰী অঞ্চলৰ কৃষকে এইবাৰো উৎপাদিত ফচলৰ উচিত মূল্য নাপাই কৃষক মূৰে কপালে হাত দিছে। 

খাৰুপেটীয়াৰ অৰিমাৰী, মাগুৰমাৰী, বাইগৰমাৰি, আলিকাষ, নদীৰ মুখ, আটাকাটা, শ্যামপুৰ, ধৰনীপুৰ, শিয়ালমাৰী, ঘেনামাৰী বেচিমাৰীৰ দৈপাম, অলিছিঙা, লালপুল, মধুপুৰ, বেচিমাৰী পথাৰ, মাধাৱগোহাঁই, বৰুৱাঝাৰ আদি অঞ্চলৰ কৃষকে বহু কষ্টৰে উৎপাদন কৰা মৰাপাট বজাৰত বিক্ৰী কৰিবলৈ আনিছে যদিও উচিত মূল্য নোপোৱাত কৃষকৰ সপোনবোৰ চূৰমাাৰ হৈ গৈছে।

বহু কৃষক একমাত্ৰ মৰাপাট খেতিৰ ওপৰতে নিৰ্ভৰশীল কিন্তু বজাৰত মৰাপাটৰ উচিত মুল্য নাপাই তেওঁলোকৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে। খেতিত বীজ সিঁচাৰ পৰা আৰম্ভ কৰি মৰাপাট কটাঁলৈকে প্ৰতি বিঘাত ১০-১২ হাজাৰকৈ টকা কৃষকৰ খৰছ হয় আৰু এতিয়া উৎপাদন কৰা মৰাপাট বজাৰত প্ৰতি মোনত ৬০০-১১৫০ বিক্ৰী মূল্য হোৱাত কৃষকসকল লোচকান ভৰিব লগা হৈছে।

উৎপাদিত ফচলৰ উচিত মুল্যৰ দাবীত আন্দোলন কৰিব গৈ আৰক্ষীৰ গুলীত বৰুৱাঝাৰ গাঁৱৰ চৈয়দ আলী , ৪নং বৰুৱাঝাৰ গাঁৱৰ বিল্লাল হুছেইন , বেচিমাৰী পথাৰ গাঁৱৰ আকবৰ আলী ওৰফে পগলা আৰু বেচিমাৰী গাঁৱৰ মইনুল হক নামৰ চাৰিগৰাকী কৃষকে প্ৰাণ দিলে যদিও আদিও দুৰ্ভাগ্যজনক ভাৱে কৃষকসকল উৎপাদিত ফচলৰ উচিত মূল্যৰ পৰা বঞ্চিত হৈয়ে ৰল । চৰকাৰ আহে আৰু যায় , সলনি নহয় কৃষকৰ জীৱনধাৰা অথচ যি কৃষককে কোবা হয় দেশৰ মেৰুদণ্ড !!!  ৰঙীন কেনভাচত হেঙুল হাইতালেৰে কৃষকসকলে নতুনকৈ আঁকিব বিচৰা সপোনত চৰকাৰে বাৰু কেতিয়াকে ৰঙ ছটিয়াব?