
ধনশিৰিঃ চৰকাৰী দৈয়াং প্ৰটেকচন নামৰ আঁচনি খনৰ ধন এতিয়া কাৰ জেপত৷ বান গ’ল৷ কিন্তু মাৰ যোৱা নাই বিভীষিকা৷
বানৰ পাছতে এতিয়া গৰা খহনীয়াই তীব্ৰ আতংকৰ সৃষ্টি কৰিছে সৰুপথাৰ বিধানসভা সমষ্টিৰ বৰপথাৰ মৌজাৰ বছাপথাৰ গাঁৱত৷ দৈয়াং নৈৰ গৰাখহনীয়াই চিন্তাত পেলাইছে অঞ্চলটোৰ কৃষক ৰাইজক৷ শ শ হেক্টৰ মাটি বানে প্লাবিত কৰাৰ পাছত এতিয়া আকৌ চপৰা চপৰকৈ নদীৰ বুকুত জাহ গৈছে কৃষিভূমি৷
প্ৰবল গৰাখহনীয়াৰ বাবে ঘৰ এৰি স্থানান্তৰিত হ’ব লগা হৈছে বহু পৰিয়াল৷ তথাপি নিৰ্লিপ্ত ৰাজ্য চৰকাৰ৷ গাঁওখনত নাই গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা৷ গৃহহীন, ভূমিহীন দুৰ্ভগীয়াই লাভ কৰা নাই চৰকাৰী সাহায্য৷
আনহাতে খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰে ৰূপায়ন কৰা দৈয়াং প্ৰটেকচন নামৰ আঁচনি খনৰ নামত অহা কৌটি টকা ঠিকাদাৰ, বিষয়া-কৰ্মচাৰী আৰু মন্ত্ৰী-এমএলএ ভগাই খোৱা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে৷
বান আৰু গৰাখহনীয়াই বিধ্বস্ত কৰা গাঁওখনলৈ জন-প্ৰতিনিধি আৰি প্ৰশাসনৰ কোনো লোকে এবাৰো খবৰ লবলৈ অহা নাই বুলি ক্ষোভ ব্যক্ত কৰে ভুক্তোভূগী গাঁওবাসীয়ে৷