
তুলসীবাৰী/ৰঙিয়াঃ চমক সৃষ্টিৰ বাবে চৰকাৰ গঠন কৰিয়ে ঘোষণা কৰাত ব্যস্ত হৈ পৰিছিল বিজেপি চৰকাৰ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত নানা তৰহৰ ঘোষণা কৰিছিল চৰকাৰ খনে৷ কিন্তু দুই বছৰ পাৰ হ’বৰ হ’ল যদিও তেনে ঘোষণা সমূহ কাৰ্যকৰী কৰিবলৈ আহৰি নোপোৱা হ’ল ৰাজ্য চৰকাৰে৷ শেহতীয়াকৈ এনে ঘোষণাৰ বাবে জাঙুৰ খাই উঠিছে ৰঙিয়াৰ ৰাইজ৷ ৰাজ্যৰ ৰাজহুৱা খণ্ডৰ অগ্ৰণী বস্ত্ৰ উদ্যোগ ৰঙিয়া চহৰৰ সমীপৰ তুলসীবাৰীৰ এপলমিলৰ পুণৰ উজ্জীৱিত কৰাৰ নিতৌ প্ৰতিবাদ কৰিব লগা হৈছে৷
এপলমিল পুনৰ কাৰ্যক্ষম কৰাৰ প্ৰতিশ্ৰুতিৰে ৯.৩৫ কোটি টকাৰ অনুদান মোকলাই দিয়াৰ কথা ঘোষণা কৰিছিল সোণোৱাল চৰকাৰে৷ ঘোষণা কাৰ্যকৰী কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে৷ কিছু দিন পূৰ্বে আছুৰ নেতৃত্বত এপলমিলৰ পুণৰ উজ্জীৱিত কৰাৰ দাবীত কেইবাঘন্টীয়া প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতে সোমবাৰে পুনৰ আছুৱে ভাৰত-ভূটান পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷
বৈদ্যগড় আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত তথা এপল মিল শ্ৰমিক সন্থাৰ সহযোগত মিলটোৰ মুখ্য গেটত পুৱা ১০ বজাৰ পৰা তথা বাৰত-ভূটান ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰি শীঘ্ৰে এপলমিল কাৰ্যক্ষম কৰাৰ দাবী জনায়৷ কাৰ্যসুচীত স্হানীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা শ্ৰমিক-কৰ্মচাৰয়ে হাতে হাতে প্লেকাৰ্ড লৈ চৰকাৰ বিৰোধি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে৷ প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ হায় হায়, এপল পুণৰ উজ্জীৱিত কৰক আদি শ্ল’গানেৰে আকাশ বতাহ কপাই তোলে৷
প্ৰতিবাদী কাৰ্যসুচীত অংশ গ্ৰহণ কৰি আছুৰ কেন্দ্ৰীয় নেতা ধৰ্মেশ্বৰ দাসে ৯.৩৫ কোটি টকা মুকলি কৰি নিদি মিলটোৰ শ্ৰমিক সকলৰ পেটৰ ভাত মুঠিৰ যোগাৰ কৰি নিদিয়াতো দুৰ্ভাগ্যজনক আখ্যা দিয়ে৷ এপল শ্ৰমিক সন্থাৰ সভাপতি দুৰ্গা ৰাম কলিতা, কাৰ্যকৰী সভাপতি কানুৰাম কলিতা, সম্পাদক দুৰ্গা হালৈয়ে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ সদিচ্চাৰ অভাৱত এবছৰ ধৰি প্ৰায় ছয়শ শ্ৰমিক-কৰ্মচাৰীয়ে কৰ্মহীন হৈ বাৰে বাৰে ৰাজপথলৈ ওলাই আহিব লগাতো দুৰ্ভাগ্যজনক বুলি অভিহিত কৰে৷
আছুৰ সহযোগত এপলমিল শ্ৰমিক সন্থাই শ্ৰমিক দিৱসৰ দিনটোৰ পৰাই প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও ৰাজ্য চৰকাৰে মিলটো পূৰ্ণ কাৰ্যক্ষম কৰাৰ প্ৰতিশ্ৰুতিৰে ৯.৩৫ কোটি টকাৰ অনুদান মোকলাই দিয়াৰ কথা আছিল যদিও আজিলৈ মোকলাই দিয়া নাই৷ ঘোষণা ৰঙা ফিটাৰ মেৰপেচত আবদ্ধ হৈ থকাত গভীৰ আৰ্থিক সংকটত পৰিছে বেতন বঞ্চিত শ্ৰমিক কৰ্মচাৰী সকল। সমবায় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো মিলটো পৰিদৰ্শনৰ বাবে সজোৰে আহ্বান জনাই প্ৰায় দুঘণ্টাৰো অধিক সময় গুৰুত্বপূৰ্ণ পথতো অবৰোধ কৰি ৰখাৰ ফলত তীব্ৰ যান-জঁটৰ সৃষ্টি হয়৷
মুহূৰ্তৰ ভিতৰতে শ-শ যান বাহন আবদ্ধ হৈ পৰাত প্ৰতিবাদস্থলীত ৰঙিয়া ৰাজহ চক্ৰ বিষয়া এমিলী বৰুৱা উপস্থিত হৈ সাত দিনৰ ভিতৰত জিলা উপায়ুক্তৰ সৈতে দাবী সন্দৰ্ভত আলোচনা কৰাৰ আশ্বাস দিয়াত পথতো মুকলি কৰি দিয়ে প্ৰতিবাদকাৰী সকলে৷ কাৰ্যসুচীৰ অন্তত কামৰূপ জিলা ছাত্ৰ সন্থাৰ গোলোক ৰাজবংশী, ৰঙিয়া মহকুমা ছাত্ৰ সন্থাৰ হেমেন দাস, শংকৰ ভূঞা, হেমন্ত দাসৰ লগতে প্ৰাক্তন ছাত্ৰ নেতা লিটন কলিতা প্ৰমুখ্যে ভালে সংখ্যক লোকৰ উপস্থিতিত ৰাজহ চক্ৰ বিষয়াগৰাকীৰ স্মাৰক পত্ৰ প্ৰদান কৰে আছুৱে৷