গুৱাহাটীঃ হাজাৰ হাজাৰ গীত গাই মানুহৰ হৃদয় জয় কৰা মিছন চাইনাৰ কৰ্নেল গোস্বামী হঠাৎ অভিমানি হৈ পৰিল৷ দিল্লীৰ বিমানবন্দৰত এগৰাকী সামৰিক বিষয়াৰ লগত মতানৈক্যকলৈ বিতৰ্কিত সোমাই পৰি ৰাজহুৱাকৈ ক্ষমা বিছাৰি জুবিনক আৱেগিক হৈ পৰা দেখা গৈছে৷

ইয়াৰ পাছতে ৰাজ্যৰ অগণন অনুৰাগীক আঁচৰিত কৰি হঠাতে শনিবাৰে আৰু গান নাগাঁও বুলি ফেচবুকযোগে অনুৰাগীসকলক জনায় যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ’বগৰাকীয়ে৷

নিজৰ ফেচবুক পেজত সকলোকে হতবাক কৰি জুবিনে কয়, "মই মোৰ কল্পনাৰ জগতত বাস কৰো৷কিন্তু এতিয়া ভাবিছো যে মই গান গোৱা বন্ধ কৰিব লাগিব৷ মই চিনেমা নিৰ্মাণ কৰাও বন্ধ কৰিব লাগিব৷ মই পৰিবৰ্তন হ’বলৈ বন্ধ কৰিব লাগিব৷ মই দুখিত, মই ভাগৰিছো৷ মই পৰিব পাৰো, কিন্তু মই ব্যৰ্থ নহয়৷ কমৰেডসকল আগুৱাই যোৱা"৷ 

মই ভাগৰা নাই বুলি গান গাই শতসহস্ৰজনক অনুপ্ৰাণিত কৰা জুবিনৰ এই আপডেটৰ কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই৷ বহু অনুৰাগীয়ে জুবিনৰ এই আৱেগিক ঘোষণাক সহজে লব পৰা নাই৷ একাংশ লোকে জুবিনৰ এই ঘোষণাক ক্ষন্তেকীয়া আৱেগ বুলিও কব খোজে৷ জুবিনৰ এই আপডেটৰ পাছতে ফেচবুকত হৈ চৈৰ সৃষ্টি হয়৷হতাশ হৈ পৰে জুবিন অনুৰাগীসকল।