
শুক্লাইঃ ট্ৰেইনৰ ভিতৰত, ৰেল ষ্টেছনত নতুবা ৰাজহুৱা স্থানত বিশ্ব হিন্দু পৰিষদকে ধৰি একাংশ হিন্দুত্ববাদী সংগঠনে গো-মাংস কঢ়িয়ায় নিয়াৰ সন্দেহত কেইবাজনো লোকক আক্ৰমণ কৰাত দেশত আজিও হৈ চৈৰ সৃষ্টি হৈ আহিছে৷
একাংশ লোকৰ আক্ৰমণত কেইবাজনো লোক মৃত্যুৰ মুখত পৰিব লগা হয়৷ দেশৰ সংসদ উত্তাল হয় এই আক্ৰমণৰ ঘটনাৰ বাবে৷ খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কাৰ্যক গৰিহণা দি এনে কাৰ্যৰ লগত জড়িত লোকসকলক গুণ্ডা আখ্যা দিছিল৷
তাৰ মাজতে আজি অসমত সংঘটিত হ’ল গো-মাংস বিক্ৰিৰ নামত এজন লোকক মাৰধৰ কৰাৰ ঘটনা৷
ওদালগুৰি জিলাৰ ভেৰগাঁওৰ ডিমাকুছিত গো-মাংস বিক্ৰি কৰাৰ অপৰাধত এগৰাকী লোকক মাৰ ধৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
গো মাংখ বিক্ৰী কৰাৰ সন্দেহত মাৰ ধৰ কৰা লোকজন বাহাৰ আলী (৪৮) বুলি জানিব পৰা গৈছে৷ একাংশ লোকে এটি ধৰ্মীয় অনুষ্ঠানৰ সন্মুখত আবদ্ধ কৰি বেয়াকৈ মাৰধৰ কৰি ডিমাকুছি আৰক্ষীক গটাই দিয়ে৷ লোকজনৰ পৰা AS-12-D-7750 নম্বৰৰ পালছাৰ এখন জব্দ কৰে আৰক্ষীয়ে৷