কৰিমগঞ্জঃ সৰস্বতী পূজাৰ দিনটোতে এগৰাকী ছাত্ৰক নিৰাপত্তাৰক্ষীয়ে বেয়াকৈ প্ৰহাৰ কৰাৰ ঘটনাই তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰে বৰাক উপত্যকাৰ কৰিমগঞ্জ চহৰত৷ সোমবাৰে পুৱাই এগৰাকী ছাত্ৰই বাইকেৰে ৰাজ পথেৰে আহি থকা অৱস্থাত চিআৰপিএফে ৰাজ পথত তালাচী কৰে ছাত্ৰ জনক৷

ছাত্ৰ জনে হেলমেট পৰিধান নকৰাৰ বাবে এগৰাকী চিআৰপিএফৰ জোৱানে প্ৰহাৰ কৰে ছাত্ৰজনক৷ ফলত একাংশ লোক উত্তেজিত হৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

একাংশ পুৰুষ-মহিলাই প্ৰতিবাদ কৰিবলৈ ওলাই অহাত চিআৰপিএফৰ জোৱানে পুনৰ অপদস্থ কৰাৰ অভিযোগ উত্থাপন কৰে৷ পিছত একাংশ স্থানীয় সচেতন লোকে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে৷ স্থানীয় বিধায়ক কমলাক্ষ্য দে পুৰকায়স্থ উপস্থিত হৈ ৰাইজ আৰু চিআৰপিএফৰ মাজত বুজাবুজি কৰি দুয়োপক্ষক সৈমান কৰে৷