
লংকাঃ হাফলংৰ পৰা মাঞ্জা হৈ লংকা অভিমুখে আহি থকাৰ পথৰ পৰাই এখন মালবাহী ট্ৰাক চুৰি হোৱাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ জানিব পৰা মতে, এএছ ০৭-চি-৪৩৩১ নম্বৰৰ মালবাহী ট্ৰাকখনৰ মালিক হাইলাকান্দি জিলাৰ বিমল সিং নামৰ লোকজন ব্যৱসায়ী সূত্ৰে লংকাত অস্থায়ী ৰূপে বসবাস কৰিছিল৷
আন দিনাৰ দৰে তেওঁৰ নিজৰ ট্ৰাক খন সিদিনাও ব্যৱসায়ৰ কামত হাফলঙলৈ পঠাইছিল৷ কিন্তু যোৱা ৩১ আগষ্টতত ট্ৰাকখনে হাফলঙৰ পৰা লংকালৈ বোজা কঢ়িয়াই আনি থকা অৱস্থাত আধা বাটত ট্ৰাকচালকে ট্ৰাকখন ৰখাই ভাত খাবলৈ বুলি হোটেলত সোমায়৷ কিন্তু সেই মুহূৰ্ততে ট্ৰাকৰ ভিতৰত থকা হেণ্ডিমেনজনে সুযোগ বুজি ট্ৰাকখন লৈ উধাও হয়৷
পিছত ট্ৰাকখন চুৰি হোৱাৰ কথা জানিব পাৰি ট্ৰাকচালক বিমেন সিঙে চুৰি ঘটনাৰ সন্দৰ্ভত ট্ৰাক খনৰ মালিকক অৱগত কৰে৷ ইফালে ট্ৰাক মালিক বিমল সিঙে বৰ্তমান আৰক্ষী থানাত ট্ৰাক চুৰিৰ সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিছে৷