
কোকিলাঃ বঙাইগাঁও আৰক্ষীৰ অভিযানত চুৰি চাহপাতসহ জালত পৰিল ট্ৰাক চোৰ৷ জিলাখনৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত গেৰুকাবাৰী আৰক্ষী চকীৰ এটি দলে এখন চোৰাং চাহপাত ভৰ্তি ট্ৰাক জব্দ কৰাৰ লগতে ৩ চোৰক আটক কৰিবলৈ সক্ষম হয়।
জানিব পৰা মতে, যোৱা ১৮ জুলাইত তিনিটুকীয়াৰ ষ্টেণ্ড ৰোড কেৰিয়াৰ নামৰ ব্যৱসায়ীক প্ৰতিষ্ঠানটোৰ পৰা এখন চাহপাত ভৰ্তি ট্ৰাক গুৱাহাটী অভিমুখে আহি আছিল৷ চাহপাত ভৰ্তি ট্ৰাকখনৰ লক্ষ্যস্থান আছিল গুৱাহাটীৰ দুলাল টি হাউছ।
কিন্তু গুৱাহাটীলৈ আহি থকা অৱস্থাত মাজবাটৰ পৰা নোহোৱা হয় ট্ৰাকখন৷ অভয়াপুৰীৰ টেংৰামাৰীৰ ছাইদুল পাৰমানিক, আকিবুল হুছেইন আৰু সিদলসতীৰ জাহানুৰ ইছলামে ট্ৰাকখন গুৱাহাটীলৈ নিনি বঙাইগাঁও অভিমুখে লৈ আহে৷
আজি চাহপাত সহিতে গেৰুকাবাৰী আৰক্ষীয়ে গেৰুকাবাৰীত উক্ত লোক কেইজনৰ সৈতে ট্ৰাকখন জব্দ কৰে৷ ট্ৰাক চুৰি সন্দৰ্ভত ২৩ জুলাইত ষ্টেণ্ড ৰোড কেৰিয়াৰৰ স্বত্বাধিকাৰীয়ে মাৰ্ঘেৰিটা থানাত 150/17, 403/407 নম্বৰত এটি গোচৰ ৰুজু কৰিছিল।
WB-23-A-9524 নম্বৰৰ ট্ৰাকখনৰ নম্বৰ সলাই WB-41-F-7419 কৰি লোৱাৰ পাছতো আৰক্ষীৰ হাতৰ পৰা সাৰি নগ'ল চোৰ কেইজন। ট্ৰাকখনত ৫৯০ বস্তা চাহপাত আছিল৷ চাহপাতখিনিৰ মূল্য ২৬,৪৪,৬০০ টকা বুলি জানিব পৰা গৈছে।