21
Oct
2018

ডিজিটেল ডেক্স, খেৰণিঃ গছ কটা কাৰ্য অবৈধ বুলি ন্যায়ালয়ে ৰায় দিয়াৰ দশকৰ পাছতো বন্ধ হোৱা নাই বন ধ্বংসযজ্ঞ৷ ইয়াক পুনৰ প্ৰমাণ কৰিলে আৰক্ষীৰ এক সফল অভিয়ানত৷ ঘটনাটো অসম-মেঘালয়ৰ সীমান্তত৷ পশ্চিম কাৰ্বি আংলঙৰ খেৰণি বনাঞ্চলিক কাৰ্যালয় তথা মকৈলুম উপ-আৰক্ষী চকীৰ অন্তৰ্গত উমতাঙৰপৰা আৰক্ষীয়ে জব্দ কৰে মেঘালয়ৰ পঞ্জীয়নযুক্ত এখন কুন্দাভৰ্তি ট্ৰাক (এম এল-০৫- ৯৪৬৭)। কাৰ্বি আংলঙৰপৰা অবৈধভাৱে মেঘালয়লৈ কুন্দাসমূহ সৰবৰাহ কৰি আছিল ট্ৰাকখনে। গোপন তথ্যৰ পম খেদি মকৈলুম উপ-আৰক্ষী চকীৰ আৰক্ষী গৈ উমতাঙত উপস্থিত হয়। অৱশ্যে আৰক্ষীক দেখাৰ লগে লগে ট্ৰাকখনৰ চালক-হেণ্ডিমেন আৰু কাঠৰ চোৰাং ব্যৱসায়ীজন ঘটনাস্থলীৰপৰা পলায়ন কৰে। আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰি খেৰণি বন বিভাগক চমজাই দিয়ে।