
তুলসীবাৰীঃ উদীয়মান যুৱক বিশ্বজিৎ ভট্টই স্বাৱলম্বী হোৱাৰ সপোন লৈ গঢ় দিয়া টিউলিপ নাৰ্চাৰীৰ দ্বিতীয়টো শাখা দেওবাৰে শুভাৰম্ভ কৰে ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই৷ টিউলিপ নাৰ্চাৰীৰ দ্বিতীয়টো শাখাৰ উদ্বোধন কৰাৰ পূৰ্বে বিশিষ্ট অতিথিৰ দ্বাৰা বৃক্ষৰোপন কৰে। ইয়াৰ পিছতে প্ৰাইজমানী চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাৰ উচ্চ আৰু নিম্ন উভয় শাখাতে প্ৰথম পুৰস্কাৰ ২ হাজাৰ, দ্বিতীয় পুৰস্কাৰ ১০০০, ৫০০ আৰু তৃতীয় পুৰস্কাৰ ১০০০ টকাৰ লগতে পাঁচ জনৰ বাবে ২শ টকাকৈ নিচুকণি পুৰস্কাৰ আগবঢ়াই।
প্ৰায় দুই শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাৰ উচ্চ শাখাত প্ৰথম পুৰস্কাৰ ফাটিমা কনভেন্ট স্কুলৰ ধ্ৰুৱজ্যোতি দাস, দ্বিতীয় পুৰস্কাৰ ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চালমা বেগম আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে চাৰ্ছ পাব্লিক স্কুল ৰঙিয়াৰ ভাস্কৰজ্যোতি দাসে। নিম্ন শাখাত প্ৰথম পুৰস্কাৰ ৰঙিয়া জৱাহৰলাল নেহৰু প্ৰাথমিক বিদ্যালয়ৰ দেবজিৎ পাল, দ্বিতীয় পুৰস্কাৰ হেমদোল এল পি স্কুলৰ ৰিমজিম কলিতা আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে ৰঙিয়া ৰেডহৰ্ণ স্কুলৰ ধনজিৎ শালৈয়ে।
দিনৰ ১২ বজাত অনুষ্ঠিত মুকলি সভা আৰু বটাঁ বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰঙিয়া মহকুমাৰ মহকুমাধিপতি মুনীন্দ্ৰ বৰদলৈয়ে সকলো অংশগ্ৰহণকাৰীৰ প্ৰতিযোগীকে মানপত্ৰ আৰু স্থানপ্ৰাপ্ত কেইজনক বঁটা প্ৰদান কৰে। ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই টিউলিপ নাৰ্চাৰীৰ স্বত্বাধিকাৰী বিশ্বজিৎ ভট্টৰ কৰ্মৰাজীক প্ৰসংশা কৰাৰ লগতে বিভাগীয় ভাবে সহায়-সহযোগ আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে। উন্নত মানদণ্ডৰ হাইব্ৰীড, গ্ৰাফটিং, গছ, ফল-ফুল, অৰ্কিড, শাক-পাচলিৰ পুলি, বীজ, বনছাই, তাব, নাৰ্চাৰীৰৰ সজুলি, জৈৱিক সাৰ কে ধৰি বিভিন্ন সামগ্ৰী উপলব্ধ নাৰ্চাৰী খনৰ স্বত্বাধিকাৰী উদিয়মান যুবক জনৰ আদৰ্শৰে গ্ৰাম্য অঞ্চলৰ নিবনুৱা যুৱক-যুৱতী সকলে আত্ম নিয়োগ হোৱাৰ যথেষ্ট থল আছে বুলি কব পাৰি৷