"ৰোগমুক্ত জিলা হিচাপে স্বীকৃতি পাবলৈ ৰাসায়নিক সাৰৰ পৰিবৰ্তে জৈৱিক সাৰ ব্যৱহাৰতহে গুৰুত্ব দিব লাগিব কৃষকে"----তুলিৰাম ৰংহাং।

খেৰণিঃ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধিনত থকা কাৰ্বি আংলং কৃষি বিভাগৰ উদ্যোগত পশ্চিম কাৰ্বি আংলঙৰ তুমপ্ৰেঙত আজি আনুষ্ঠানিকভাৱে কৃষক ৰাইজৰ মাজত কৃষি সামগ্ৰী, বীজ, সঁজুলি আদি বিতৰণৰ এখন বিতৰণি সভা অনুষ্ঠিত হৈ যায়। উল্লেখিত যে বিভাগতোৱে তিনি শতাধিক কৃষক ৰাইজৰ উপস্থিতিৰে আয়োজন কৰা অনুষ্ঠানৰ যোগেদি প্ৰাপ্য আৰু দৰিদ্ৰ কৃষক ৰাইজক বিনামূলীয়াকৈ উন্নতমানৰ আলুৰ বীজ প্ৰদান কৰাৰ উপৰিও দা-কোৰ, কাঁচি, কীটনাশক স্প্রে মেচিন, তিৰপাল, প্লাষ্টিক বক্স আদি সা-সঁজুলি কৃষক ৰাইজৰ মাজত বিতৰণ কৰে।
উল্লেখযোগ্য যে আয়োজিত অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ অধিনৰ কৃষি বিভাগৰ দায়িত্বত থকা কাৰ্যবাহী সদস্য আমৰছিং তিচ্ছ উপস্থিত হৈ বিতৰণী সভাৰ সভাপতিত্ব কৰাৰ বিপৰীতে সভাত মুখ্য অতিথি হিচাপে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং উপস্থিত থকাৰ লগতে কাৰ্যবাহী সদস্য ক্ৰমে জগৎছিং ইংতি, খনছিং ৰংপি, হৰেনছিং বে', মঙ্গলছিং তিমুং, পৰিষদীয় সদস্য ৰামছিং তিমুং, দৰছিং ৰংহাং, পৰিষদীয় পশু পালন বিভাগৰ প্ৰাক্তন বৰ্ড অধ্যক্ষ দিত্যলাল হাষ্ণু, বিভাগীয় কৃষি বিষয়া, অন্যান্য বিশিষ্ট লোক উপস্থিত থাকে এই বিতৰণী অনুষ্ঠানত।
আনহাতে অনুষ্ঠানত উপস্থিত থকা কৃষক ৰাইজক উদ্দেশ্যি কৃষি বিভাগৰ কাৰ্যবাহী সদস্য আমৰছিং তিচ্ছৰ লগতে মুখ্য অতিথি তথা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে উল্লেখ কৰে যে কাৰ্বি আংলঙত যথেষ্ট পৰিমাণত কৃষি উপযোগী কৃষি ভূমি আছে। গতিকে কৃষি ক্ষেত্ৰত অগ্ৰাধিকাৰ প্ৰদান কৰি কাৰ্বি আংলঙৰ কৃষক ৰাইজক কৃষি মূলধনৰ পৰা আদিকে কৰি উন্নত আৰু অধিক উৎপাদনক্ষম কঠীয়া-বীজ, কৃষি সম্পাদনৰ সা-সঁজুলি, যন্ত্ৰপাতিৰ যোগান ধৰাটো কাৰ্বি আংলং কৃষি বিভাগৰ গুৰুত্বপূৰ্ণ আৰু অন্যতম দায়িত্ব বুলি কয়। আৰু এই দায়িত্ব প্রতিটো বছৰে ঋতুনুযায়ী কাৰ্বি আংলং কৃষি বিভাগে পালন কৰি আহিছে জিলাখনত।
আনহাতে পাহাৰীয়া জিলাখনে বিশেষকৈ ধান, সৰিয়হ, তামোল, কুঁহিয়াৰ আদিৰ ক্ষেত্ৰত পূৰ্বৰ তুলনাত অধিক আৰু ৰাহি উৎপাদন কৰিবলৈ সক্ষম হৈছে জিলাখনৰ কৃষক ৰাইজে বুলি মুখ্য অতিথিয়ে উল্লেখ কৰে। লগতে কাৰ্বি আংলং ৰোগমুক্ত জিলা হিচাপে স্বীকৃতি পাবলৈ কৃষি কাৰ্য্যত ৰাসায়নিক সাৰৰ পৰিবৰ্তে জৈৱিক সাৰ ব্যৱহাৰতহে গুৰুত্ব দিব লাগিব কৃষকে বুলি কৃষক ৰাইজক আহ্বান জনায় তুলিৰাম ৰংহাঙে।
ইফালে কৃষি বিভাগৰ কাৰ্যবাহী সদস্য আমৰছিং তিচ্ছয়ে কৃষি উৎপাদনৰ পৰিমাণ বৃদ্ধি কৰিবলৈ গৈ ইতিমধ্যে পাঞ্জাৱ ৰাজ্যখনৰ অধিকাংশ লোকে মাৰাত্মক কেন্সাৰ আদিৰ দৰে ভয়াবহ ৰোগত আক্ৰান্ত হবলগীয়া হৈছে, এই কথা কিছু কিছু তথ্যত প্ৰকাশ পাই আহিছে বুলি উল্লেখ কৰে। সমান্তৰাকৈ আজিৰ এই একেটা দিনতে ৰংখাং উন্নয়ন খণ্ডৰ উদ্যোগত পৰিষদীয় বিথুং-ৰেংথেমা সমষ্টিৰ অন্তৰ্গত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত নিৰ্মাণ সম্পুৰ্ণ কৰা গৃহৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে উল্লেখিত সজাতি দলটোৰ উপস্থিতিত তুলিৰাম ৰংহাঙে। আৰু ইয়াৰ পাছতেই উন্নয়ন খণ্ডটোয়ে সমষ্টিটোৰ বিভিন্ন স্থানত ইতিমধ্যে নির্মাণ সম্পূৰ্ণ কৰা মুঠ ৩০ টাকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহৰ শুভ উদ্বোধন কৰে খণ্ড বিষয়া শশীকান্ত তিমুঙে। আনহাতে কলঙাৰ নেপালী গাওঁত নিৰ্মাণ সম্পূর্ণ কৰা অঙ্গনবাদী কেন্দ্ৰৰ নৱ-নিৰ্মিত গৃহৰো আনুষ্ঠানিক শুভ উদ্বোধন কৰে তুলিৰাম ৰংহাঙে।
খেৰণিৰ পৰা কনক দেউৰী