13
Sep
2017

তুলসীবাৰীঃ তৰণীৰ মণ্ডলপাৰাৰ গোপাল গোঁসাই থান প্ৰাংগনত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উত্সৱ বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয়৷ কাৰ্যসুচী অনুসৰি পুৱাৰ ভাগত ধৰ্মীয় পতাকা উত্তোলন কৰে দিলিপ ভূঞাই৷
ইয়াৰ পাছতে নামঘৰৰ দ্বাৰ উন্মোচন, নাম প্ৰসংগৰ লগতে অঞ্চলজুৰি ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয়৷ বিয়লি ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে দেবযানী দাস আৰু অনিতা তালুকদাৰে নাগাৰা নাম পৰিবেশন কৰে৷
সন্ধিয়া বন্তি প্ৰজ্বলন অনুষ্ঠানত বিধায়ক ভৱেশ কলিতাৰ লগতে কেবাগৰাকী বিশিষ্ট লোক উপস্থিত থাকে৷