06
Feb
2018

ডিজিটেল ডেস্কঃ যোৱা কেইবাটা ঘন্টাৰ ভিতৰত দেশৰ কেইবাগৰাকী প্ৰভাৱশালী লোকৰ টুইটাৰ একাউন্ট হেক হোৱাৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
প্ৰথমে বলিউডৰ জনপ্ৰিয় অভিনেতা অনুপম খেৰৰ টুইটাৰ একাউন্ট হেক হয়৷ তাৰ পিছতেই ২৪ ঘণ্টা পাৰ নৌহওঁতেই কেইবাজনো প্ৰভাৱশালী লোকৰ টুইটৰ একাউণ্ট হেক কৰে হেকাৰে৷
এইবাৰ হেকাৰে লক্ষ্য কৰি ললে বিজেপি নেতা ৰাম মাধৱক৷ নেতাগৰাকীৰ টুইটাৰ একাউণ্ট হেক কৰি ‘LOVE PAKISTAN’ বুলি লিখা এটা টুইট কৰে৷
তাৰ পিছতে বিভিন্ন মহলত হাহাকাৰ লাগে৷ কিছু সময় পিছতে অৱগত হয় একাউন্ট হেক হোৱা বুলি৷ ইয়াৰ পূৰ্বে ৰাজ্য সভাৰ সাংসদ স্বপন গুপ্তাৰো টুইটাৰ একাউন্ট হেক হৈছিল৷ টুৰ্কীচ চাইবাৰ আৰ্মীয়ে টুইটাৰ একাউণ্ট হেক কৰা বুলি দাবী কৰে৷