নলবাৰীঃ নলবাৰী জিলাৰ দক্ষিণ প্ৰান্তৰ দুগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক, সমাজকৰ্মী, অভিনেতাৰ মৃত্যুই সমগ্ৰ জিলা খনতে শোকৰ ছাঁ পেলাইছে। জিলা খনৰ দক্ষিণ প্ৰান্তৰ অৰৰা গাঁৱৰ বাসিন্দা তথা বৰবৰী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক ব্ৰজনাথ দাসৰ শনিবাৰে নিশা পৰলোকপ্ৰাপ্তি হোৱাত আজি শিক্ষক গৰাকীৰ নশ্বৰদেহ শোভাযাত্ৰা কৰি বৰবৰী হাইস্কুলক অনা হয়।

তাতে ছাত্ৰ ছাত্ৰী, শিক্ষক-কৰ্মচাৰী, বৰবৰী উন্নয়ন সমিতি, আছু, ব্যৱসায়ী সন্থা, যুৱ মঞ্চ আদিকে ধৰি বিভিন্ন অনুষ্ঠানে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। উল্লেখ্য যে, ১৯৯৭ চনত বৰবৰী হাইস্কুলৰ পৰা অৱসৰ গ্ৰহণ কৰা শিক্ষক গৰাকী জন্মস্থানটো বিভিন্ন সামাজিক কামত জড়িত থকাৰ লগতে অভিনয়ৰ দিশটো খোজ পেলাই 'লক্ষ্য কুমাৰ' নাটকত কৰা ৰামচন্দ্ৰৰ অভিনয়, 'সামাজিক' নাটকত ইন্সপেক্টৰ চৰিত্ৰত কৰা অনবদ্য অভিনয়ৰে দৰ্শকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল।

এয়াই নহয় আন কেইবাখনো নাটকত অভিনয় কৰিছিল শিক্ষক দাসে। মৃত্যুৰ সময়ত তেওঁ পত্নী, তিনি পুত্ৰ-তিনি কন্যা সহ বহুত গুণমুগ্ধক এৰি থৈ যায়।

আনহাতে বৰকুৰিহা নিবাসী তথা অৱসৰপ্ৰাপ্ত শিক্ষক, কবি, অভিনেতা ভগৱান ৰায় মেধিৰ (৭৯) শনিবাৰে নিশা মৃত্যু হোৱা খবৰে অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে। ৩০০কৈও অধিক কবিতা লিখি এগৰাকী প্ৰখ্যাত কবি হিচাপে জনাজাত হোৱা ৰায়মেধি এগৰাকী অভিনেতা, গীতা-ভাগৱত শাস্ত্ৰৰ পাঠক হিচাপে খ্যাতি লাভ কৰাৰ লগতে ১৯৭৮ চনত পঞ্চায়ত প্ৰতিনিধি হিচাপেও নিৰ্বাচিত হৈছিল।

আমৰণ চিৰকুমাৰ ৰায়মেধিৰ নশ্বৰদেহ আজি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানক নি শেষ শ্ৰদ্ধা নিবেদন কৰে কৰ্তৃপক্ষই।