20
Oct
2017

ধিংঃ নগাঁও জিলাৰ ধিঙৰ ধুপগুৰিত শুকুৰবাৰে আৱকাৰী বিভাগৰ অভিযানত জালত পৰে দুই চুলাই মদৰ ব্যৱসায়ী৷
দীৰ্ঘদিনৰ পৰা অঞ্চলটোত অবৈধ মদৰ ব্যৱসায় চলি থকাৰ অভিযোগ উত্থাপন হৈ থকাৰ মাজতে শুকুৰবাৰে পুৱাই ধুপগুৰিত অাৱকাৰী বিভাগৰ এটি দলে অভিযান চলাই৷
অভিযান কালত ১০০ লিটাৰত কৈ অধিক চুলাই মদ জব্দ কৰাৰ লগতে দুই মদ ব্যৱসায়ীক অাটক কৰিবলৈ সক্ষম হয়৷ জব্দ কৰা চুলাই মদ সহ ব্যৱসায়ী দুজনক ধিঙৰ অাৱকাৰী বিভাগৰ কাৰ্যালয়লৈ অানি গ্ৰেপ্তাৰ কৰে।