12
Aug
2017

উত্তৰ শালমাৰাঃ এক কৰুণ ঘটনা৷ বাঢ়নী পানীত উটি গ’ল গংগা-যমুনা৷ পৃথিৱীলৈ আহিছিল দুয়ো একেলগে৷ আৰু বিদায়ো ল’লে দুয়ো একেলগেই৷
শনিবাৰে অভয়াপুৰীৰ উত্তৰ শালমাৰা টিলাপাৰাত বৰঝৰা নৈৰ কোৱাল সোঁতে উটুৱাই লৈ গ’ল দুই যমজ ভগ্নী৷ নাম গংগা দত্ত আৰু যমুনা দত্ত ৷ দুয়োৰে বয়স ১৩ বছৰ৷
ঘৰৰ কাষৰে বৰঝৰা নৈত মাছ মাৰি থাকোতে দুয়োকে উটুৱাই নিয়ে বাঢ়নী পানীয়ে ৷ এজন কণমাণি ল’ৰাই দুয়োকে উটি যোৱা দেখি গাঁওবাসীক অৱগত কৰায়৷ লগে লগে উদ্ধাৰ কাৰ্যত নামি পৰে গাঁওৰ ৰাইজ৷
উত্তৰ শালমাৰা আৰক্ষীও ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কাৰ্যত লাগি পৰে৷ প্ৰায় দুঘন্টামানৰ পিছত দুয়োৰে নিথৰ দেহ গাঁওৰ ৰাইজে উদ্ধাৰ কৰে ৷ দুই যমজ ভগ্নীৰ মৃত্যুত গাঁওখনত শোকৰ ছাঁ পৰিছে৷