চিচিবৰগাঁওঃ পুকীয়া-চিলাপথাৰ সংযোগী পথত কালি দিন দুপৰতে সংঘটিত হোৱা ৰহস্যজনক ডকাইতি কাণ্ডত জড়িত দুই ডকাইতক ইতিমধ্যে চিলাপথাৰ আৰক্ষীয়ে চিচিবৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত ৩নং বেতনীপাম অঞ্চলৰ পথত ৪ লাখ টকাসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

লগতে আৰক্ষীয়ে আটক কৰিছে গাড়ীখনত থকা ৩ জন ব্যক্তিৰ উপৰিও চিচ প্ৰচিগিউৰ নামৰ সংস্থাটোৰ আন ৩ গৰাকী কৰ্মচাৰীসহ মুঠ ৬ জনক।

ঘটনাৰ বিৱৰণী অনুসৰি, কালি ধেমাজি জিলাৰ অন্তৰ্গত পুকীয়া-চিলাপথাৰ সংযোগী পথৰ পুকীয়া গাঁৱৰ সমীপত দুপৰীয়া প্ৰায় ১২ বজাত চিলাপথাৰৰ পৰা নম্বৰপ্লেট বিহীন ৰঙা ৰঙৰ পালচাৰ বাইকত মুখত ক'লা কাপোৰ বান্ধি অহা তিনিজনীয়া ডকাইতৰ দলে হাতত AK- 47 লৈ এটিএমৰ ধন কঢ়িয়াই অনা AS- 01FC- 3563  গাড়ীখন ৰাখিবলৈ নিৰ্দেশ দি গাড়ীখন ৰখোৱাত বাইকত উঠি অহা দুই ডকাইতে বন্দুক দেখুৱাই গাড়ীখনৰ সুৰক্ষা কৰ্মীজনৰ বন্দুকটো কাঢ়ি কাষৰ খাৱলৈ দলিয়াই দিয়ে আৰু গাড়ীখনত লৈ অহা ৪০ লক্ষ টকা লৈ উধাও হয়।

২৪ ঘণ্টা সময় পাৰ নৌহওঁতেই চিলাপথাৰ আৰক্ষী থানাৰ সুভন দাস নেতৃত্বাধীন দলটোৱে দুই ডকাইত ক্ৰমে সঞ্জয় দাস আৰু কৰণক গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হয়। আৰক্ষীৰ এই সফল অভিযানক প্ৰশংসা কৰিছে আটাছুৰ যুটীয়া সম্পাদক দুলাল বৰুৱাই। ডকাইতি কাণ্ডটোৰ সৈতে আন এটা পক্ষও জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে|