গুৱাহাটীঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ লোকসভাত গৃহীত হোৱাৰ পিছতে মঙলবাৰে দলত্যাগ কৰে বিজেপিৰ দুজনকৈ জ্যেষ্ঠ নেতাই। আছুৱে আহ্বান জনোৱা ১১ ঘণ্টীয়া অসম বন্ধৰ মাজতে দলত্যাগ কৰা বিজেপিৰ দুই নেতা হৈছে মেহদী আলম বৰা আৰু অনুপম বৰুৱা।

বিজেপিৰ মুখপাত্ৰৰ দায়িত্বত থকা মেহদী আলম বৰাই নাগৰিকত্ব সংশোধনী বিধেয়ক সংসদত গৃহীত কৰাৰ বাবেই পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি সংবাদমাধ্যমক জানিবলৈ দিয়ে। বিজেপি ত্যাগ কৰা আনজন নেতা অনুপম বৰুৱা হৈছে শোণিতপুৰ জিলা বিজেপিৰ প্ৰাক্তন উপ-সভাপতি।

দুয়োজন নেতাই ৰাজ্যিক বিজেপিৰ সভাপতিৰ ৰঞ্জিত কুমাৰ দাসৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰে। নেতা দুজনৰ এনে সিদ্ধান্তৰ ফলত এতিয়া শলঠেকত পৰিছে ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতৃত্ব।

উল্লেখ্য যে, কিছুদিন পূৰ্বে হোৱাটছএপ গ্ৰুপত বিজেপিৰ এজন বিধায়কেও বিধেয়কখন সদনত গৃহীত হ’লে পদত্যাগ কৰিব বুলি ঘোষণা কৰিছিল। অৱশ্যে এই পৰ্যন্ত বিধেয়কজনে উক্ত ঘোষণা সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশ কৰা নাই। ইফালে বিধেয়কখনক লৈ সোমবাৰে বিজেপিৰে মিত্ৰতা ভংগ কৰিছিল অগপই।