
মৰিগাওঁঃ সমাজৰ শান্তি-শৃংখলা নিয়ন্ত্ৰণ কৰিবলৈ গৈ নিজে আইন ভংগ কৰা দুজন আৰক্ষীক আদালতে বিহিছে শাস্তি। সাংবাদিকৰ কেমেৰাৰ সমুখত যুৱক-যুৱতীক উলংগ কৰি ৰখা দুই আৰক্ষীৰ বিৰুদ্ধে যুঁজ দি জয়ী হ’ল এজন যুৱক। মৰিগাওঁ আদালতৰ এই ৰায়ক কেন্দ্ৰ কৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে জিলাখনৰ লগতে সমগ্ৰ ৰাজ্যত।
উল্লেখ্য যে, বিগত ২০১১ চনৰ ২২ আগষ্টৰ দিনা জনৈক ইছলাম নামৰ যুৱক এজনে মৰিগাওঁ চহৰস্থিত ভাড়াঘৰত এগৰাকী যুৱতীৰ সৈতে থকাৰ সময়ত একাংশ লোকে ঘৰটোত অনৈতিক কাৰ্য চলি থকা বুলি আৰক্ষীক খবৰ দিয়ে।
আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ যুৱক-যুৱতীহালক স্ংবাদ কৰ্মীৰ কেমেৰাৰ সন্মুখত উলংগ কৰি ৰাখে বুলি চাঞ্চল্যকৰ অভিযোগ উথাপিত হয়। এই অভিযোগক কেন্দ্ৰ্ কৰি সেই সময়ত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।
পৰৱৰ্তী সময়ত এই সন্দৰ্ভত উক্ত যুৱকজনে তদানিন্তন মৰিগাওঁ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিত মহন্ত, উপ-পৰিদৰ্শক অনুপ শইকীয়া আৰু কনিষ্টবল কৃষ্ণা শইকীয়াৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩২৩, ৩৫৪, ২৯৪, ৫০৬ আৰু ৩৪ ৰ অধীনত মৰিগাওঁ আদালতত এটি গোচৰ তৰে।
মৰিগাঁৱৰ মূখ্য ন্যায়িক দণ্ডাধীশ এন. কে. দাসে বৃহস্পতি বাৰে এই গোচৰৰ (গোচৰ নং-চি.আৰ. ২২৭/২০১২) ৰায়দান কৰি দেৱজিত মহন্তক এবছৰ আৰু অনুপ শইকীয়াক দুবছৰৰ কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে।