
নামতিঃ নিৰ্বাচনৰ পূৰ্বে বৰ বৰ কথা কৈ অগপ, বিজেপি আৰু বিপিএফ মিত্ৰজোঁটে ভোট ভিক্ষা কৰিছিল৷ বিশেষকৈ গঁড় হত্যা-হাতীৰ মৃত্যু সন্দৰ্ভত কংগ্ৰেছ দলক ব্যাপক সমালোচনা কৰিছিল মিত্ৰ জোঁটে৷ নিৰ্বাচনত গঁড়-হাতী হত্যা নিৰ্বাচনৰ ইচ্ছ্যু কৰি ব্যাপক প্ৰচাৰ চলাইছিল৷ গঁড়-হাতী হত্যা ইচ্ছুৰে তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল শাসকীয় কংগ্ৰেছৰ সন্মুখত৷
কিন্তু মিত্ৰ জোঁটৰ তিনিটা দলে প্ৰায় ২০ মাহ পূৰ্বে শাসনৰ গাডী দখল কৰিলে যদিও কংগ্ৰেছ চৰকাৰৰ সময়ৰ দৰে আজিও গঁড় হত্যা হোৱাৰ লগতে হাতীৰ মৃত্যু হৈ আহিছে৷ তাৰ মাজতে শিৱসাগৰ জিলা আমগুৰিৰ অসম নাগালেণ্ড সীমান্তৱতী হালোৱাটিং টিফুক চাহ বাগিচাত বিদ্যুৎস্পৃষ্ট হৈ গাভিনী হাতী সহ দুটি হাতীৰ মৃত্যু হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
জনিব পৰা মতে, টিফুক চাহ বাগিচাত ১১,০০০ (এঘাৰ হাজাৰ) ভল্টৰ বিদ্যুত পৰিবাহী তাঁৰত লাগি কৰুণ মৃত্যুক আকোৱালি লয় দুজনীকৈ বনৰীয়া হাতীয়ে। দেওবাৰে নিশা এটি হাতীৰ জাকে অঞ্চলটোত প্ৰবেশ কৰিছিল৷ হাতীৰ জাকৰ পৰা ফালৰি কাটি দুটি হাতীয়ে টিফুক বাগিচাৰ ১০ নং লাইনত প্ৰবেশ কৰে৷ সতীৰ্থ মন্ত্ৰীয়ে শিক্ষকৰ খতিয়ান লৈ শিক্ষকক তুচ্ছ-তাচ্ছিল্য কৰা প্ৰত্যক্ষ কৰি হাঁহি হাঁহি আপোন পাহৰা হোৱা শক্তি মন্ত্রী পল্লৱ লোচন দাসৰ বিদ্যুৎ বিভাগৰ চৰম গাফিলতিতে এনে ঘটনা সংঘটিত হোৱা বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰে৷
অঞ্চলটোলে প্ৰায়ে হাতীৰ জাক আহে যদিও ববিদ্যুৎ বিভাগে সচেতনতা অৱলম্বন কৰি নাছিল বুলিও অভিযোগ উত্থাপন হয়৷ কিয়নো দীর্ঘ দিন ধৰি বনৰীয়া হাতীৰ জাকটোৱে বিচৰণ কৰিছিল অঞ্চলটোত। দেওবাৰে নিশা হাতীৰ জাকটোৰ মাজৰ দুটি হাতীয়ে মৃত্যুক সাৱতি লয় যদিও হাতী দুজনী গাভিনী বুলি প্রকাশ কৰিছে বন বিভাগে। ইফালে, বিদ্যুৎ প্ৰবাহিত তাঁৰত লাগি পূৰ্বতেও বহুবাৰ জীৱ-জন্তুৰ লগতে মানুহৰ মৃত্যু হৈছে অঞ্চলটোত৷