
filephoto
newsnextone.com | ওদালগুৰিঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ওদালগুৰিতো ছাত্র সন্থা আৰু কৰ্মচৰী পৰিষদে শুকুৰবাৰে প্ৰেৰণাৰ দিন উদযাপন কৰে৷
জাতীয় শ্বহীদসকলৰ আত্মবলিদানক শ্ৰদ্ধাৰে সোঁৱৰণ কৰাৰ লগতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণত নিয়োজিত বিষয়া কৰ্মচাৰীৰ সু-স্বাস্থ্য, নিৰাপত্তা কামনাৰে উৎসাহ জনাই প্ৰেৰণাৰ দিন উদযাপন জৰিয়তে।
ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থা আৰু ওদালগুৰি আঞ্চলিক কৰ্মচাৰী পৰিষদৰ যৌথ উদ্যোগত ওদালগুৰি শ্বহীদবেদী প্ৰাংগণত প্ৰেৰণাৰ দিন উদযাপন কৰা হয়৷ প্ৰেৰণা দিনত উপস্থিত থাকে ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়-ববীয়া, কৰ্মচাৰী পৰিষদৰ বিষয়-ববীয়াৰ লগতে ৰাইজ। শ্বহীদবেদী প্ৰাংগণত বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰা হয়।