ওদালগুৰিঃ সমগ্ৰ ৰাজ্যৰ লগতে ওদালগুৰিতো জিলা প্ৰশাসনৰ উদ্যোগত চলিছে স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি। ওদালগুৰি চৰৰৰ উপায়ুক্ত কাৰ্যালয়ৰ খেলপথাৰত ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে প্ৰশাসনে।

আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ কেইবাটাও দল, বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ স্কাউট-গাইড তথা ছাত্ৰ-ছাত্ৰীয়ে পেৰেডৰ শেষ অনুশীলনত ব্যস্ত হৈ পৰিছৈ।

দিনে নিশাই পহৰাৰ ব্যৱস্থা কৰা হৈছে পেৰেড গ্ৰাউণ্ডত। কটকটীয়া কৰা হৈছে জিলাখনৰ নিৰাপত্তা ব্যৱস্থা। বিভিন্ন পথ-উপপথ, ৰেল আলি, ৰেল ষ্টেছনত ৰাখিছে চোকা দৃষ্টি।

জিলাখনৰ অন্তৰ্গত বিভিন্ন থানা সমূহ সতৰ্ক হৈ থকা দেখা গৈছৈ। মূল পথ,স্পৰ্শকাতৰ স্থানসমূহত তালাচীৰ ব্যৱস্থা কৰাৰ লগতে তহলদাৰী দলে নিৰাপত্তা প্ৰদান কৰিছে জিলাখনত।

বিভিন্ন নিষিদ্ধ ঘোষিত সংগঠনসমূহৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বানৰ মাজতে ভাৰত-ভূটান-অৰুণাচল সীমান্তত পহৰাৰ ব্যৱস্থা কৰিছে নিৰাপত্তাৰক্ষীয়ে।