
newsnextone.com | ওদালগুৰিঃ নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিলৰ দাবীত ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ। বিধেয়কখন বাতিলৰ দাবীত শুকুৰবাৰে ওদালগুৰিৰ ৰাজপথত এক প্ৰতিবাদী সমদল উলিয়াই খিলঞ্জীয়া জনসাধাৰণৰ অধিকাৰ সমাজ চমুকৈ এছআইপিআৰে।
ওদালগুৰি চহৰৰ শ্বহীদ বেদী প্ৰাংগণৰ পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ উলিওৱা মদলত বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়ৰ কেইবা শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। হাতে হাতে প্লেকাৰ্ড লৈ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, আমাক লাগে বিদেশীমুক্ত অসম, নাগৰিকত্ব বিধেয়ক গ’-বেক, আমাৰ দাবী মানি লওঁক ইত্যাদি শ্ল’গান প্ৰদান কৰি পৰিবেশ উত্তাল কৰি তোলে।
ওদালগুৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত উপস্থিত হোৱাৰ অন্তত তেওঁলোকৰ শ্ল’গান তীব্ৰতৰ কৰি তোলে। পিছত প্ৰতিবাদস্থলীত উপস্থিত হয় দণ্ডাধীশ কাৰ্পুন পাটিৰ। দণ্ডাধীশৰ উপস্থিতিত সংগঠনটোৰ মুৰব্বীয়ে এখন স্মাৰকপত্ৰ জিলা উপায়ুক্তৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰে। স্মাৰকপত্ৰখনত সংগঠনটোৱে উল্লেখ কৰি কয় যে এই বিধেয়কখন গৃহীত হ'লে খিলঞ্জীয়া লোকসকল অস্তিত্বৰ সংকটত পৰিব।
হিন্দুৱেই হওঁক বা মুছলমানেই হওঁক, বিদেশীৰ পৰিচয় সদায় বিদেশীয়েই। সেয়েহে এই বিধেয়কখন যাতে কোনো পধ্যে গৃহীত নহয় তাৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীয়ে গুৰুত্বপূৰ্ণ ভূমিকা লোৱা উচিত বুলি কয়। সমগ্ৰ বিধেয়কখনে দেশৰ সংবিধানৰ ধৰ্মনিৰপেক্ষতাক বিৰোধিতা কৰা বুলি তেওঁলোকে উল্লেখ কৰে। প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে জিলা সমিতিৰ সভাপতি-সম্পাদক ক্ৰমে বনজাৰ ব্ৰহ্ম ডেম্ফু দৈমাৰীকে ধৰি আন বিষয়-ববীয়াসকল।