
ওদালগুৰিঃ ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোত আনন্দ উলাহৰ মাজতে ওদালগুৰি চহৰৰ সমীপত ভয়াবহ অগ্নিকাণ্ড সংঘটিত হৈ দৰিদ্ৰ শ্ৰমিকৰ ১০টাকৈ বাসগৃহ জাহ যায়৷ নৱবৰ্ষৰ পহিলা দিনটোত ওদালগুৰি জিলাৰ হাতীগড় চাহ বাগিচাত সংঘটিত হয় অগ্নিকাণ্ড৷
অগ্নিকাণ্ডৰ ফলত চাহ বাগিচাখনৰ শ্ৰমিকৰ ১০টাকৈ আৱাসগৃহ সম্পূৰ্ণকৈ জাহ যোৱাৰ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় দৰিদ্ৰ পৰিয়াল কেইটাৰ।
অগ্নিকাণ্ডৰ ফলত কেইবাজনো লোক সৌভাগ্যক্ৰমে ৰক্ষা পৰে। অগ্নিকাণ্ডৰ ফলত দুটাকৈ শিশু আহত হয় আৰু আহত শিশুদুজনক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰে ৰাইজে। খবৰ দিয়াৰ পিছতে বহু পলমকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হোৱাত ক্ষোভিত হয় ৰাইজ৷ স্থানীয় লোকে খোদ জুই নিৰ্বাপিত কৰে৷