১৬ মাৰ্চৰ ট্ৰাক হাইজেক ঘটনাসহ বহু অপৰাধজনিত ঘটনাত জড়িত কুখ্যাত অপৰাধী ছহৰ আলী

ওদালগুৰিঃ অৱশেষত ৰৌতা আৰক্ষীৰ জালত পৰিল ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত অপৰাধজনিত ঘটনাৰে সন্ত্ৰাস সৃষ্টি কৰা কুখ্যাত অপৰাধী ছহৰ আলী। মংগলবাৰে দিনৰ প্ৰায় ১২:৩০ বজাত ওদালগুৰি জিলাৰ ৰৌতা আৰক্ষীয়ে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হেমন্ত বৰুৱাৰ নেতৃত্বত এক বিশেষ সূত্ৰৰপৰা লাভ কৰা খবৰৰ ভিত্তিত শোণিতপুৰ জিলাৰ তেজপুৰ আৰক্ষী থানাৰ অন্তৰ্গত হাতীবিলখানাৰপৰা অপৰাধী ছহৰ আলীক ৰৌতা আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৯৫ ধাৰাৰ অধীনত ৪৩/১৯ নম্বৰত ৰুজু হোৱা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
উল্লেখ্য যে, ওদালগুৰি জিলাৰ ৰৌতা চহৰৰ মাজেৰে পাৰ হৈ যোৱা ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ১৬ মাৰ্চৰ পুৱতি নিশা সংঘটিত কৰিছিল এক শিহৰণকাৰী মালবাহী ট্ৰাক হাইজেকৰ ঘটনা। অৰুণাচলৰ পাচীঘাটৰপৰা শিলিগুৰি অভিমুখে বাৰ্লী জাতীয় সামগ্ৰী কঢ়িয়াই নিয়া এএছ২২চি৫৮০৬ নম্বৰৰ মালবাহী ট্ৰাক এখনক লাইলংপাৰা অঞ্চলত আগভেটি ধৰি ট্ৰাকৰ তিনি কৰ্মচাৰীক পিষ্টল দেখুৱাই ট্ৰাকখন অপহৰণৰ চেষ্টা কৰিছিল এটা ছয়জনীয়া দুৰ্বৃত্তৰ দলে।
কিন্তু আৰক্ষীৰ তৎপৰতাত কামৰূপ জিলাৰ ৰঙিয়াত ট্ৰাকখন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৰৌতা আৰক্ষী। ট্ৰাক চলক ফিৰোজ খানে সাংবাদিকৰ আগত প্ৰকাশ কৰিছিল যে তেওঁলোকে শিলিগুৰি অভিমুখে গৈ থকা অৱস্থাত ৰৌতা আৰক্ষী থানাৰ অন্তৰ্গত লাইলংপাৰা অঞ্চলত পুৱতি নিশা প্ৰায় ২:৩০ বজাত এএছ১৩জে৭৯৩১ নম্বৰৰ ৰঙা ৰঙৰ চুইফট বাহন এখনে আহি ট্ৰাকখনত আগভেটি ধৰে। ইয়াৰ পাছত গাড়ীখনৰপৰা কেইজনমান লোক ওলাই আহি প্ৰথমে ট্ৰাকখনেৰে কঢ়িওৱা সামগ্ৰীৰ নথি পৰীক্ষাৰ বাবে চালকক ধমক দিয়াৰ লগতে চালকে সম্পূৰ্ণ নথি প্ৰদৰ্শনৰ পাছতো দুৰ্বৃত্তৰ দলটোৱে ট্ৰাকখনত গাঞ্জা থকাৰ অভিযোগ উত্থাপন কৰি ট্ৰাকখন থানালৈ নিয়া হ’ব বুলি কৈ ট্ৰাকৰ চালকসহ আন দুই কৰ্মচাৰীক চাৰিচকীয়া চুইফট বাহনখনত উঠোৱাৰ লগতে দুৰ্বৃত্তৰ দলটোৰ আন তিনিজন দুৰ্বৃত্তই ট্ৰাকখন লৈ ঘটনাস্থলীৰ পৰা উধাও হৈছিল।
ইফালে, ছুইফ্ট বাহনখনত চালকসহ আন দুই কৰ্মচাৰীক দুৰ্বৃত্তৰ দলটোৱে চকুত ক'লা কাপোৰ বান্ধি মাৰধৰ কৰাৰ লগতে পিষ্টল টোৱাই হত্যাৰ ভাবুকি দি বাহনখনেৰে বিভিন্ন স্থান পৰিভ্ৰমণ কৰায়। পুৱা প্ৰায় ছয়মান বজাত ট্ৰাকখনৰ চলকসহ তিনিওজনকে দুৰ্বৃত্তৰ দলটোৱে ৰৌতা অঞ্চলৰ ভিন্ন স্থানত এৰি থৈ গৈছিল। দুৰ্বৃত্তৰ দলটোৱে এৰি থৈ যোৱাৰ পাছত ট্ৰাকচালক ফিৰোজ খানে ঘটনা সন্দৰ্ভত লগে লগে ৰৌতা আৰক্ষী থানাত অৱগত কৰিছিল।
ট্ৰাকচালকজনৰ অভিযোগৰ ভিত্তিত ৰৌতা আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৯৫ ধাৰাৰ অধীনত ৪৩/১৯ নম্বৰত এক গোচৰ ৰুজু কৰে আৰক্ষীয়ে। উক্ত গোচৰৰ ভিত্তিতেই ৰৌতা আৰক্ষীয়ে উক্ত দিনাই দৰং জিলাৰ দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত শিলবড়ীৰপৰা অপহৰণকাৰীয়ে ব্যৱহাৰ কৰা ছুইফ্ট বাহনখনৰ লগতে চালক মোকছেদ আলীক গ্ৰেপ্তাৰ কৰে। মোকছেদ আলীৰ স্বীকাৰোক্তিৰ ভিত্তিত ৰৌতা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হেমন্ত বৰুৱাৰ নেতৃত্বত এটা আৰক্ষীৰ দলে তাৎক্ষণিকভাৱে অভিযান চলাই ৰঙিয়াৰ এটা পেট্ৰ'ল ডিপোত ৰখাই থোৱা অৱস্থাত অপহৃত ট্ৰাকখন উদ্ধাৰ কৰি ৰৌতা থানালৈ লৈ আনিছিল।
ৰৌতা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে সাংবাদিকক জানিবলৈ দিছিল যে উক্ত সমগ্ৰ ঘটনাৰ মাষ্টাৰমাইণ্ড আছিল তেজপুৰৰ কুখ্যাত গাড়ীচোৰ ছহৰ আলী। পূৰ্বৰে পৰা ছহৰ আলীৰ নেতৃত্বত দৰঙৰপৰা ৰৌতা চাৰিআলি হৈ তেজপুৰলৈ পাৰ হৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথটোত এনেধৰণৰ অপৰাধজনিত ঘটনা সংঘটিত কৰি আহিছিল।
গ্ৰেপ্তাৰ হোৱা ছহৰ আলীক ৰৌতা আৰক্ষী থানাত মাৰাথান জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। আজি গ্ৰেপ্তাৰ হোৱা ছহৰ আলীক আদালতত হাজিৰ কৰোৱা হ’ব বুলি জানিব পৰা গৈছে যদিও আপৰাধীগৰাকীৰ লগত থকা পিষ্টলটো এতিয়াও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।