ওদালগুৰিঃ ছয়জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিবাদত শুকুৰবাৰে উত্তাল ওদালগুৰি।  চৰকাৰে ছয়জন গোষ্ঠীৰ জনজাতিকৰণৰ বিল কেবিনেটত অনুমোদন কৰাৰ প্ৰতিবাদত আহ্বান জনোৱা অসম বন্ধৰ ওদালগুৰিত সৰ্বাত্মক প্ৰভাৱ পৰে ওদালগুৰিত।

এবছুৱে বন্ধৰ সমৰ্থনত আজি ওদালগুৰিৰ ৰাজপথত টায়াৰ জ্বলাই পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদস্থলীত উপস্থিত থাকি এবছুৰ উপ-সভাপতি দ্বীপেন বড়োৱে চৰকাৰৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কোনোপধ্যে জনজাতিকৰণৰ বিল গৃহীত কৰিব নিদিয়ে বুলি হুংকাৰ দিয়ে। 

আনহাতে, বিদেশী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সংগঠনটোৱে।