
ওদালগুৰিঃ বৃহস্পতিবাৰে কাশ্মীৰ পাকিস্তানৰ সমৰ্থিত সন্ত্ৰাসবাদী গোটৰ দ্বাৰা সংঘটিত ভয়াৱহ বিস্ফোৰণত ভাৰত জননীৰ সন্তান চি আৰ পি এফৰ ৪২ গৰাকী বীৰ জোৱান ছহিদ হ'ল।
এই ঘটনাই প্ৰত্যেকজন দেশপ্ৰেমী লোকক হতাশাগ্ৰস্ত আৰু শোকস্তব্ধ কৰি তুলিছে। এই মৰ্মান্তিক সময়ত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু), ওদালগুৰি জিলা সমিতি আৰু ওদালগুৰি জিলাৰ সমূহ গোৰ্খা জনসাধৰণে বীৰ শ্বহীদসকলৰ পৰিয়ালৰ প্ৰতি গভীৰ শোক আৰু সমবেদনা জ্ঞাপন কৰে।
লগতে দেশৰ হৈ প্ৰাণ আহুতি দিয়া সমূহ বীৰ যোদ্ধাক স-হৃদয় শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে সংগঠনটোৱে। ভাৰত ৰাষ্ট্ৰৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ স্বহীদ সকলক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ উদ্দেশ্যে আগছু, ওদালগুৰি জিলা সমিতিয়ে শুকুৰবাৰে সন্ধিয়া ৫ বজাত জিলা সমিতিৰ কাৰ্যালয়ৰ সন্মূখত এটি শ্ৰদ্ধাঞ্জলি তথা বন্তি প্ৰজ্বলন অনুষ্ঠান আয়োজন কৰে।
উক্ত অনুষ্ঠানত উপস্থিত থাকে ওদালগুৰি জিলাৰ আৰক্ষী অধীক্ষক লংণিত তেৰাং, গোলন্দী ভাৰতীয় সেনা কেম্পৰ মেজৰ বিশাল থাপা, ওদালগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নাৰায়ণ পাটাংগীয়াৰ লগতে জিলা গোৰ্খা ছাত্ৰ সন্থা নেতৃবৃন্দ, কৰ্মী আৰু বহুতো গণ্যমান্য ব্যক্তি। কাৰ্যসূচীটোত সকলোৱে একেমুখে "সন্ত্ৰাসবাদ নিপাত যাওঁক" এনে ঘটনা যাতে পুনৰ সংঘটিত নহয় তাৰ কামনা কৰে।