
newsnextone.com | ওদালগুৰিঃ অসমৰ আধাৰ কাৰ্ডৰ কাম বন্ধ কৰি ৰখা হৈছে যদিও এটি চক্ৰই ধন ঘটাৰ স্বাৰ্থতে গোপনে অসমৰ গ্ৰাম্য এলেকাত কাৰ্যালয় পাতি বহিঃৰাজ্যত আধাৰকাৰ্ড বনাই বৃহৎ ব্যৱসায় গঢ়ি তোলাৰ অভিযোগ উত্থাপন হৈ আহিছে৷
তাৰ মাজতে ওদালগুৰি আৰক্ষীৰ অভিযানত জালত পৰিল অসমত অবৈধভাৱে আধাৰকাৰ্ড বনাই ধন ঘটা এটা চক্ৰ। দেশৰ জনসাধাৰণৰ বাবে আধাৰ কাৰ্ড বাধ্যতামূলক কৰাৰ সময়তে এটি চক্ৰই বহিঃৰাজ্যৰ পৰা অসমলৈ আহি আধাৰকাৰ্ডৰ নামত ৰাইজৰ পৰা ধন আদায় কৰাৰ ঘটনা পোহৰলৈ আহিছে।
অসমত বৰ্তমান আধাৰকাৰ্ডৰ কাম বন্ধ হৈ আছে। তেনে সময়তে বহিঃৰাজ্যৰ একাংশ লোকে ইয়াৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰা দেখা গৈছে। সোমবাৰে বিয়লি এনে এক চক্ৰ উৎখাত কৰে ওদালগুৰি আৰক্ষীয়ে। এক গোপন সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত ওদালগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নাৰায়ণ পটঙ্গীয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চহৰখনৰ সমীপৰ পুৰণি গৰৈবাৰীৰ পৰা আধাৰ কাৰ্ড বনােৱা অবৈধ চক্ৰ উৎখাত কৰিবলৈ সক্ষম হয়। প্ৰাপ্ত খবৰ মতে আধাৰ কাৰ্ড বনাবলৈ অৰুণাচলৰ পৰা আহিছিল দুজন যুৱক লোভিন্দ চাকমা আৰু অমৰ বিজয় চাকমা।
এই দুয়োজন যুৱকক সংগ দিছিল শোণিতপুৰ জিলাৰ হুগ্ৰাজুলিৰ অজয় বসুমতাৰী নামৰ এজন যুৱকে। যুৱক তিনিজনে পুৰণি গৰৈবাৰী চকৰ ভিচিডিচি কাৰ্যালয় চৌহদত ৰাইজৰ আধাৰকাৰ্ডৰ নথি পুৰণ তথা আঙুলিৰ চাপ আৰু চকুৰ ৰেটিনাৰ নমুনা সংগ্ৰহ কৰি থকাৰ সময়তে আৰক্ষীয়ে হাতে-লোতে ধৰিবলৈ সক্ষম হয়। আৰক্ষীৰ অনুসন্ধানত যুৱককেইজনে অসমত কোনো আধাৰকাৰ্ড নিৰ্মাণৰ চৰকাৰী অনুমতি পত্ৰ দেখুৱাব পৰা নাছিল অথবা অসমত আধাৰকাৰ্ড নিৰ্মাণৰ কোনো অনুমতি লোৱা নাছিল বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিছে।
আন এক অভিযোগ অনুসৰি লোককেইজনে কামৰ বিনিময়ত প্ৰতিজন লোকৰ পৰা ধন সংগ্ৰহ কৰাৰ উপৰিও এই কাৰ্ডসমূহ কেতিয়া প্ৰদান কৰা হ’ব তাৰ নিশ্চয়তা প্ৰদান কৰা নাছিল। ইয়াৰ পাছত যুৱক কেইজনক ওদালগুৰি আৰক্ষীয়ে আটক কৰি থানালৈ লৈ যায়। অবৈধ চক্ৰটোৰ পৰা আৰক্ষীয়ে এটা লেপটপ, এটা প্ৰিণ্টাৰ, এটা স্কেনাৰসহ বহু নথি আৰু আধাৰকাৰ্ডৰ ফৰ্ম জব্দ কৰিবলৈ সক্ষম হয়।
চক্ৰটোৰ বিৰুদ্ধে ওদালগুৰি আৰক্ষীয়ে নিজাববীয়াকৈ ভাৰতীয় দণ্ডবিধি আইনৰ ১৫১/১৮ইউ/এছ৪২০/৪৬৮/৩৪ নম্বৰত এক গোচৰ ৰুজু কৰে। যুৱককেইজনক ওদালগুৰি আদালতত হাজিৰ কৰা হয়। উল্লেখ্য যে, অসমত আধাৰ কাৰ্ডৰ কাম সাময়িকভাৱে বন্ধ থকাৰ পৰিপ্ৰেক্ষিতত অসমৰ বহু লোকে চুবুৰীয়া ৰাজ্যসমূহত আধাৰকাৰ্ড বনাবলৈ ঢাপলি মেলা পৰিলক্ষিত হয়। ইয়াৰ সুযোগ লৈ একাংশ দুষ্ট চক্ৰই এনে কাম কৰি থকাৰ কথা পোহৰলৈ আহিছে।