‘‘হেলিপেডৰ শিলন্যাস কৰিলে ৰিহন দৈমাৰীয়ে’’

ওদালগুৰিঃ নৱবৰ্ষৰ প্ৰথম সপ্তাহতে ওদালগুৰিলৈ আহিল সুখবৰ। আকাশী পথৰ মানচিত্ৰত অন্তৰ্ভূক্ত হ’ব ওদালগুৰিৰ নাম। ওদালগুৰিত স্থাপন কৰা হ’ব হেলিপেড। একেসময়তে একেলগে তিনিখনকৈ হেলিকপ্তাৰ অৱতাৰণ কৰিবলৈ সক্ষম হ’ব। 

বুধবাৰে এই জৰুৰী থ্ৰী চপাৰ ল্যান্ডিং(হেলিপেড)ৰ আধাৰশিলা স্থাপন কৰে অসম চৰকাৰৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰীয়ে। ২০১৬-১৭ আৰু ২০১৭-১৮ বৰ্ষৰ সাচতিয়া পুঁজি(আনটাইড ফাণ্ড)ৰ এক কোটি টকা ব্যয় সাপেক্ষে জিলা সদৰৰপৰা দুই কিল'মিটাৰ উত্তৰে হৰপুৰত নিৰ্মাণ হ’ব এই হেলিপেড। আজি ওদালগুৰি বিএড কলেজৰ চৌহদত জিলা উপায়ুক্ত দিলীপ কুমাৰ দাসৰ সভাপতিত্বত এই সম্পৰ্কে এক সভা অনুষ্ঠিত হয়।

উক্ত সভাত উপস্থিত থাকি মন্ত্ৰী ৰিহন দৈমাৰীয়ে কয় যে ইয়াৰ দ্বাৰা আকাশী পথৰ মানচিত্ৰত স্থায়ীভাৱে ওদালগুৰিৰ নাম অন্তৰ্ভূক্ত হ’ব। লগতে তেওঁ কয় যে ওদালগুৰি জিলাখনে উন্নয়ণৰ ক্ষেত্ৰত দ্ৰুতগতিত আগুৱাবলৈ ধৰিছে। নীতি আয়োগৰ অধীনত উন্নয়ণৰ ক্ষেত্ৰত দেশৰ ১১৫ খন জিলাৰ ভিতৰত ওদালগুৰিয়ে অসমৰ ভিতৰত প্ৰথম আৰু দেশৰ ভিতৰত ১৫ নম্বৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে।

আনহাতে ভাষণৰ প্ৰসঙ্গত তেওঁ কয় যে জিলাখনলৈ যোগাযোগৰ ব্যৱস্থা সুচল কৰাৰ উদ্দেশ্যে ৰৌতা-ওদালগুৰি পথ, ওদালগুৰি-কলাইগাঁও পথৰ কাম দ্ৰুতগতিৰে সম্পূৰ্ণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইয়াৰোপৰি অসম-অৰুণাচল প্ৰদেশৰ মাজৰ যাতায়াত ব্যৱস্থা উন্নয়ণৰ বাবে ভৈৰৱকুণ্ডত ধনশিৰি নদীৰ ওপৰত ৩৪ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ’ব এখন দলং। আগন্তুক বিত্তীয় বৰ্ষত ইয়াৰ কাম আৰম্ভ হ’ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। 

যাৰ দ্বাৰা অতি কম সময়তে অসম-অৰুণাচল প্ৰদেশৰ মাজত যোগাযোগ স্থাপন হ’ব। ইয়াৰোপৰি ভৈৰৱকুণ্ডক নতুন ৰূপত সজাই তোলাৰ পৰিকল্পনা কৰাৰ কথাও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। অনুষ্ঠানত উপস্থিত থাকি বিটিচিৰ অতিৰিক্ত মুখ্য সচিব ৰবিনচন মোছাহাৰীয়ে ভাষণ প্ৰসঙ্গত কয় যে ওদালগুৰি জিলাৰ নলখামৰা গাঁওত স্থাপন হ’বলগীয়া অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ আধাৰশিলা অনুষ্ঠান অহা ১৫ জানুৱাৰী তাৰিখে ডিজিটেল মাধ্যমেৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰিব। 

উক্ত মহাবিদ্যালয়ৰ যোগেদি বহুতো শিক্ষাৰ্থীয়ে অভিযান্ত্ৰিক পাঠ্যক্ৰম অধ্যয়ণ কৰিব পাৰিব বুলি মোছাহাৰীয়ে উল্লেখ কৰে। ইয়াৰোপৰি জিলাখনৰ হৰিশিঙাৰ কোচপাৰাত স্থাপন কৰা হ’ব মডেল ডিগ্ৰী মহাবিদ্যালয়। ইয়াৰোপৰি জিলাখনৰ মাজবাট বিধানসভা সমষ্টিত একলব্য বিদ্যালয়ৰ লগতে হেলিপেট নিৰ্মাণস্থলীৰ সমীপতে জিলা বিজ্ঞানকেন্দ্ৰ স্থাপনৰ ঘোষণা কৰে। 

উক্ত সভাত বি টি চিৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰী, ই এম জগদীশ চৰকাৰ, এম চি এল‌ এ ৰিপেন দৈমাৰীৰ লগতে বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে।