ওদালগুৰিঃ ওদালগুৰি জিলাৰ ৰৌতা চহৰৰ মাজেৰে পাৰ হৈ যোৱা ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত শনিবাৰে পুৱতি নিশা সংঘটিত হয় এক শিহৰণকাৰী মালবাহী ট্ৰাক হাইজেকৰ ঘটনা। অৰুণাচলৰ পাচীঘাটৰপৰা শিলিগুৰি অভিমুখে বাৰ্লী জাতীয় সামগ্ৰী কঢ়িয়াই নিয়া এএছ২২চি৫৮০৬ নম্বৰৰ মালবাহী ট্ৰাক এখনক লাইলংপাৰা অঞ্চলত আগভেটি ধৰি ট্ৰাকৰ তিনি কৰ্মচাৰীক পিষ্টল দেখুৱাই ট্ৰাকখন অপহৰণৰ চেষ্টা কৰে এটা ছয়জনীয়া দুৰ্বৃত্তৰ দলে। 

কিন্তু আৰক্ষীৰ তৎপৰতাত কামৰূপ জিলাৰ ৰঙিয়াত ট্ৰাকখন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৰৌতা আৰক্ষী। ট্ৰাক চালক ফিৰোজ খানে সাংবাদিকৰ আগত প্ৰকাশ কৰা ভাষ্য অনুসৰি তেওঁলোকে শিলিগুৰি অভিমুখে গৈ থকা অৱস্থাত ৰৌতা আৰক্ষী থানাৰ অন্তৰ্গত লাইলংপাৰা অঞ্চলত পুৱতি নিশা প্ৰায় ২:৩০ বজাত এ এছ ১৩ জে ৭৯৩১ নম্বৰৰ ৰঙা ৰঙৰ চুইফট বাহন এখনে আহি ট্ৰাকখনত আগভেটি ধৰে। ইয়াৰ পাছত গাড়ীখনৰপৰা কেইজনমান লোক ওলাই আহি প্ৰথমে ট্ৰাকখনেৰে কঢ়িওৱা সামগ্ৰীৰ নথি পৰীক্ষাৰ বাবে চালকক ধমক দিয়ে। চালকে সম্পূৰ্ণ নথি প্ৰদৰ্শনৰ পাছত দুৰ্বৃত্তৰ দলটোৱে ট্ৰাকখনত গাঞ্জা থকাৰ অভিযোগ উত্থাপন কৰি ট্ৰাকখন থানালৈ নিয়া হ’ব বুলি কৈ ট্ৰাকৰ চালকসহ আন দুই কৰ্মচাৰীক চাৰিচকীয়া চুইফট বাহনখনত উঠোৱাৰ লগতে দুৰ্বৃত্তৰ দলটোৰ আন তিনিজন দুৰ্বৃত্ত‌ই ট্ৰাকখন লৈ ঘটনাস্থলীৰপৰা উধাও হয়। 

ইফালে, চুইফ্ট বাহনখনত চালকসহ আন দুই কৰ্মচাৰীক দুৰ্বৃত্তৰ দলটোৱে চকুত ক'লা কাপোৰ বান্ধি মাৰধৰ কৰাৰ লগতে পিষ্টল টোৱাই হত্যাৰ ভাবুকি দি বাহনখনেৰে বিভিন্ন স্থান পৰিভ্ৰমণ কৰায়। পুৱা প্ৰায় ছয়মান বজাত ট্ৰাকখনৰ চলকসহ তিনিওজনকে দুৰ্বৃত্তৰ দলটোৱে ৰৌতা অঞ্চলৰ ভিন্ন স্থানত এৰি থৈ যায়। দুৰ্বৃত্তৰ দলটোৱে পেলাই থৈ যোৱাৰ পাছত ট্ৰাকচালক ফিৰোজ খানে ঘটনা সন্দৰ্ভত ৰৌতা আৰক্ষী থানাত অৱগত কৰে। ট্ৰাকচালকজনৰ অভিযোগৰ ভিত্তিত ৰৌতা আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৯৫ ধাৰাৰ অধীনত ৪৩/১৯ নম্বৰত এক গোচৰ ৰুজু কৰে আৰক্ষীয়ে। 

উক্ত গোচৰৰ ভিত্তিত ৰৌতা আৰক্ষীয়ে দৰং জিলাৰ দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত শিলবড়ীৰপৰা অপহৰণকাৰীয়ে ব্যৱহাৰ কৰা চুইফ্ট বাহনখনৰ লগতে চালক মোকছেদ আলীক গ্ৰেপ্তাৰ কৰে। মোকছেদ আলীৰ স্বীকাৰোক্তিৰ ভিত্তিত ৰৌতা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হেমন্ত বৰুৱাৰ নেতৃত্বত এটা আৰক্ষীৰ দলে অভিযান চলাই ৰঙিয়াৰ এটা পেট্ৰ'ল ডিপোত ৰখাই থোৱা অৱস্থাত অপহৃত ট্ৰাকখন উদ্ধাৰ কৰে। 

ৰৌতা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে সাংবাদিকক জানিবলৈ দিয়া মতে এই সমগ্ৰ ঘটনাৰ মাষ্টাৰমাইণ্ড আছিল তেজপুৰৰ কুখ্যাত গাড়ীচোৰ ছহৰ আলী। পূৰ্ৱৰে পৰাই তেওঁৰ নেতৃত্বত দৰঙৰপৰা ৰৌতা হৈ তেজপুৰলৈ পাৰ হৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথটোত এনেধৰণৰ অপৰাধজনিত ঘটনা সংঘটিত হৈ আহিছে। আৰক্ষীয়ে আন পলাতক দুৰ্বৃত্ত কেইজনক আটক কৰিবলৈ ইতিমধ্যে অভিযান অব্যাহত ৰাখিছে যদিও ট্ৰাকখনত থকা বিকি নামৰ এজন কৰ্মচাৰীক উদ্ধাৰ কৰিব পৰা নায়। ধৃত অপৰাধী তথা চুইফ্ট বাহনৰ চালক মোকছেড আলীয়ে সমগ্ৰ ঘটনা তেওঁ চলোৱা বাহনেৰে সংঘটিত কৰা বুলি স্বীকাৰ কৰি কালিৰ ঘটনাত মাষ্টাৰমাইণ্ড কুখ্যাত গাড়ীচোৰ ছহৰ আলীও উপস্থিত থকা বুলি সাংবাদিকৰ আগত উল্লেখ কৰে। অপহৰণৰ ১২ ঘণ্টাৰ ভিতৰত এখন অপহৃত ট্ৰাক উদ্ধাৰ কৰা ঘটনাক ৰৌতা আৰক্ষীৰ এক বৃহৎ সযফলতা বুলি গণ্য কৰা হৈছে।