newsnextone.com | ওদালগুৰিঃ শুকুৰবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ কেইবা খনো জিলা উজলি উঠিছে যদিও বিটিএডিৰ ওদালগুৰি জিলাৰ ফলাফলে সচেতন লোকক চিন্তিত কৰি তুলিছে৷ শুকুৰবাৰে ফলাফল ঘোষণা কৰাৰ পিছতে সমগ্ৰ ওদালগুৰি জিলাৰ সচেতন লোক হতাশ হৈ পৰিছে৷ ইয়াৰ কাৰণ উদ্ধাৰ কৰিবলৈ চিন্তা চৰ্চা আৰম্ভ কৰিব লাগিব বুলি কয় একাংশ নাগৰিকে৷ শৈক্ষিক পৰিৱেশ পুনৰ টনকীয়াল কৰিব লাগিব বুলি কয় একাংশ লোকে৷

এইবেলি পৰীক্ষাত ওদালগুৰি জিলাখনৰ উত্তীৰ্ণৰ হাৰ আছিল ৰাজ্যৰ ভিতৰত সৰ্বনিম্ন। মাত্ৰ ৩৬.৯৭ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। উল্লেখ্য যে, বিগত ২০১৬ চনত এই হাৰ আছিল ৫৩.৪৪ শতাংশৰ বিপৰীতে ২০১৭ চনত জিলাখনত উত্তীৰ্ণৰ হাৰ আছিল ৩৫.৪৯ শতাংশ। এইবেলি ওদালগুৰি জিলাখনৰ ১৭টা পৰীক্ষা কেন্দ্ৰত মুঠ ১০০২৬ গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হোৱাৰ বিপৰীতে উত্তীৰ্ণৰ সংখ্যা হ'ল ৩৭০৭ গৰাকী।

ইয়াৰ ভিতৰত ১১৯১ গৰাকীয়ে প্ৰথম বিভাগত, ১৭০৯ গৰাকীয়ে দ্বিতীয় বিভাগত আৰু ৮০৭ গৰাকী শিক্ষাৰ্থীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হয়। ইফালে জিলাখনৰ ১৭ টা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষা কেন্দ্ৰত দেখা নগ'ল আশাজনক ফলাফল। 

পৰীক্ষা কেন্দ্ৰসমূহৰ ভিতৰত ভেৰগাঁও উচ্চ বিদ্যাপীঠ কেন্দ্ৰত ৫৬.৬৮ শতাংশ, ভোলাবাৰী হাইস্কুল কেন্দ্ৰত ৪৪.২১ শতাংশ, দলংঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰত ৩৭.৮৯ শতাংশ, দণ্ড চহৰীয়া হাইস্কুল কেন্দ্ৰত ৩১.৩৮ শতাংশ, হৰিশিঙা হাইস্কুল কেন্দ্ৰত ৪৪.৫৪ শতাংশ, জেবি হাগজেৰ মেমোৰিয়েল হাইস্কুল কেন্দ্ৰত ৩৬.৩৩ শতাংশ, কালাইগাওঁ হাইস্কুল কেন্দ্ৰত ৪৩.১১ শতাংশ, খৈৰাবাৰী হাইস্কুল কেন্দ্ৰত ৩২.৭২ শতাংশ উত্তীৰ্ণ হয়৷

মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰত ৩৪.০৫ শতাংশ, ওৰাং উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰত ৩৪.৪৪ শতাংশ, পানেৰী হাইস্কুল কেন্দ্ৰত ২৯.৫১ শতাংশ, ডিমাকুচিৰ শেখৰ শংকৰদেৱ মিচন হাইস্কুল কেন্দ্ৰত ২৮.৯৯ শতাংশ, টংলা ছোৱালী হাইস্কুল কেন্দ্ৰত ২১.৯২ শতাংশ, টংলা হাইস্কুল কেন্দ্ৰত ৪২.১২ শতাংশ, টংলা মডেল হাইস্কুল কেন্দ্ৰত ৩৭.০৫ শতাংশ, ওদালগুৰি ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰত ৩৭.১৫ শতাংশ আৰু ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰত ৪২.৬৪ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হয়। 

কিন্তু ইয়াৰ মাজতে ওদালগুৰি ৰামস্বৰূপ আগৰৱালা মেমোৰিয়েল ইংলিচ স্কুলৰ পৰা ৰাজ্যৰ ভিতৰতে ষষ্ঠ স্থান দখল কৰা ধৃতিস্মান ভূঞাঁই ওদালগুৰিলৈ কঢ়িয়াই আনিলে গৌৰৱ। ছাত্ৰজনে সকলো বিষয়ত লেটাৰ মাৰ্কসহ ৫৮৮ নম্বৰ লাভ কৰি ৰাজ্যৰ ভিতৰতে ষষ্ঠ স্থান দখল কৰিবলৈ সক্ষম হয়। কেইবাটাও বছৰৰ ভাল ফলাফলৰ অন্তত এইবেলি হঠাৎ জিলা খনৰ শৈক্ষিক পৰিৱেশ সলনি হোৱা বুলি অনুমান হোৱাত একাংশ জ্যেষ্ঠ নাগৰিক অত্যন্ত চিন্তাত পৰিছে৷