
ওদালগুৰিঃ এছ এছ বিত কৰ্মৰত এজন জোৱানে সৰ্বনাশ কৰিলে ওদালগুৰিৰ এগৰাকী নাবালিকাৰ। পিতৃ-মাতৃৰ দৰিদ্ৰতা আৰু দায়িত্বহীনতাৰ বাবেই এনেদৰে সৰ্বনাশৰ সন্মুখীন হ’বলগীয়াত পৰে নাবালিকাগৰাকী। দৰা-কইনা খেলি ৰাজকুমাৰৰ সপোন দেখা বয়সতে নাবালিকাগৰাকীৰ গৰ্ভত থিতাপি লৈছে আন এক প্ৰাণে। চিকিৎসালয়ৰ বিছনাত এতিয়া ৮মহীয়া অন্তসত্বা নাবালিকাগৰাকীয়ে চৌদিশে দেখিছে অন্ধকাৰ।
৪ বছৰ পূৰ্বৰ কথা। গাওখনৰ সমীপত থকা এছ এছ বিৰ এজন জোৱান এজনৰ সৈতে সু-সম্পৰ্ক গঢ়ি উঠে এম মুৰ্মু (নাম সলনি কৰা হৈছে) নামৰ লোকজনৰ। জোৱানজনৰ সৈতে এদিন উক্ত গাঁওখনলৈ আহে উক্ত বাহিনীত কৰ্মৰত অৰুণাচলৰ টাডাক নিছো নামৰ এজন লোক। এছ এছ বি জোৱানজনে উক্ত বাহিনীত কৰ্মৰত টাডাকক মুৰ্মূৰ সৈতে চিনাকি কৰাই দিয়ে।
টাডাকে অতি কম সময়ৰ ভিতৰতে মুৰ্মুক আপোন কৰি লয়। মুৰ্মৱেও টাডাকৰ পৰা দুই-এপইছাৰ সহায় পোৱাত কৃতজ্ঞ হৈ পৰে। এনেদৰে দৰিদ্ৰতাৰ সুযোগ বুজি লোকজনৰ ৪ কন্যা সন্তানৰ এগৰাকীক বনকৰা ছোৱালী হিচাপে নিজৰ লগত লৈ যোৱাৰ প্ৰস্তাৱ দিয়ে। আৰ্থিক দীনতাত ভূগি থকা মুৰ্মুৱেও লগে লগে উক্ত প্ৰস্তাৱত মান্তি হৈ কণমানি কন্যাক অচিন লোকজনৰ সৈতে অচিন ঠাইলৈ পঠিয়াই দিয়ে।
এনেকৈয়ে অচিন ঠাইলৈ গৈ পৰিয়ালৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰে কণমানিগৰাকীৰ। অচিন ঠাই পোৱাৰ পিছতে কণমানিগৰাকী সন্মুখীন হয় আৰু অচিন অভিজ্ঞতাৰ। লাহ লাহে ডাঙৰ হ’বলৈ আৰম্ভ কৰা এসময়ৰ কণমানিজনীক বনকৰা ছোৱালীৰ পৰিৱৰ্তে আন কামতো ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে লম্পট এছ এছ বি জোৱানজনে। ছোৱালীজনীৰ ওপৰত এছ এছ বি জোৱানজনে চলাই যায় উপৰ্যুপৰি যৌন নিৰ্যাতন।
ঘৰৰ সমীপৰ এছ এছ বি জোৱানজনৰ মুখত ছোৱালীজনী ডাঙৰ হোৱাৰ খবৰ পায়ো কোনো ধৰণৰ যোগাযোগ কৰিব নোৱৰাত এদিন পিতৃ মুৰ্মুৱে বহু কষ্টৰে বাটে-ঘাটে মানুহক সুধি সুধি অৰুণাচলৰ ভালুকপুঙস্থিত টাডাকৰ বাসগৃহত উপস্থিত হয়। তেতিয়ালৈ ১৩ বছৰীয়া হৈ পৰিছিল তেওঁৰ কন্যা। নিজ কন্যাক বহু বছৰৰ মূৰত দেখি থিৰেৰে ৰ’ব নোৱাৰি নিজ গৃহলৈ লৈ আনে পিতৃ মুৰ্মুৱে। কিন্তু নিজ গৃহলৈ অনাৰ পিছতে সেই খবৰটো শুনি বুকুখনে চিৰিংকৈ মাৰে মুৰ্মূ আৰু তেওঁৰ পত্নীৰ।
বুকুখন চিৰিংকৈ উঠিবৰে কথা। কিয়নো তেতিয়ালৈ কেবামাহৰ অন্তসত্বা হৈ পৰিছিল এছ এছ বি জোৱানজনৰ হাতত নিৰ্যাতিত নাবালিকাগৰাকী। সম্প্ৰতি যোৱা ৪ দিন ধৰি ওদালগুৰি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে নাবালিকাগৰাকী।
আজি 'নিউজ নেক্সট ৱান’ৰ সাংবাদিকে ঘটনাৰ খবৰ পাই চিকিৎসালয়খন উপস্থিত হোৱাত দুৰ্বিসহ দিনবোৰৰ কথা সুঁৱৰি কান্দোনত ভাগি পৰে নাবালিকাগৰাকী। অসহায় হৈ পৰা পিতৃ মুৰ্মুৱেও আৰক্ষীৰ কাষ চাপিও কোনো ন্যায় নোপোৱাৰ কথা ক্ষোভেৰে জানিবলৈ দিয়ে। মাত্ৰ ১৩ বছৰ বয়সতে এনে এক কল্পনাৰো অগোচৰ পৰিস্থিতিৰ সন্মুখীন হোৱা এই নাবালিকাগৰাকীয়ে ন্যায় পাবনে?