
ওদালগুৰিঃ "দৰিদ্ৰতা কেতিয়াও সফলতাৰ হেঙাৰ হ’ব নোৱাৰে। নিষ্ঠাসহকাৰে কৰ্মত বৰ্তী হ'লে তাৰ পৰা সুফল লাভ কৰাটো নিশ্চিত। নতুন প্ৰজন্মই প্ৰতিযোগীতামূলক পৰীক্ষাৰ বাবে ওলাই অহাটো প্ৰয়োজন। পৰীক্ষা বুলিলেই ভয় খোৱা মানসিকতা বাদ দি সকলো ওলাই আহিব লাগে। একাগ্ৰতাভাৱে পৰীক্ষাৰ অধ্যয়ন চলালে সফল হোৱাটো নিশ্চিত। নতুন প্ৰজন্মই বিপথে গতি কৰাতকৈ পঢ়া-শুনা কৰি সৎ পথত আগুৱাই যাব লাগে।" সাংবাদিকৰ আগত এই মন্তব্য প্ৰকাশ কৰে সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ তত্বাৱধানত অনুষ্ঠিত অসম অসামৰিক সেৱাৰ পৰীক্ষাত সুখ্যাতিৰে সফলতা লাভ কৰি ওদালগুৰিলৈ গৌৰৱ কঢ়িয়াই অনা মিথিংগা দৈমাৰীয়ে।
ওদালগুৰি জিলাৰ হৰিশিঙাৰ সমীপৰ অম্বাগাওঁৰ দৰিদ্ৰ পৰিয়ালৰ পিতৃ নিৰণ দৈমাৰী আৰু মাতৃ ৰেণু দৈমাৰীৰ একমাত্ৰ সন্তান মিথিংগা দৈমাৰীক দেওবাৰে উষ্ম আদৰণি তথা সম্বৰ্দ্ধনা জ্ঞাপন কৰে গাওঁবাসীয়ে৷
অম্বাগাওঁ ব্যপ্তিষ্ট গীৰ্জাত আয়োজিত সম্বৰ্দ্ধনা অনুষ্ঠানত শতাধিক ৰাইজৰ সন্মুখত কেইবাটাও সংগঠনে আৰনাই, মানপত্ৰৰে অভিনন্দন জ্ঞাপন কৰে। সভাত মিথিংগাৰ পিতৃ-মাতৃৰ উপৰিও উপস্থিত থাকে অসম চৰকাৰৰ কেৱিনেট মন্ত্ৰী ৰিহন দৈমাৰী, বি টি চি অধ্যক্ষ ত্ৰিদীপ দৈমাৰী, আলোচনাপন্থী এন ডি এফ বি নেতা ৰঞ্জন দৈমাৰীৰ লগতে ভালে সংখ্যক বিশিষ্ট লোক তথা গাওঁখনৰ মুখিয়াল লোক।
মিথিংগাৰ এই সফলতাৰ বাবে সকলোৱে শলাগ লয়। ইফালে, মিথিংগাৰ পিতৃ-মাতৃয়ে সাংবাদিকৰ আগত পুত্ৰৰ সফলতাৰ কথা বৰ্ণনা কৰি উৎফুল্লিত হৈ পৰে। মিথিংগাই তেওঁৰ এই সফলতাৰ স্বীকৃতি তেখেতৰ পিতৃ-মাতৃ, শিক্ষাগুৰু, শুভাকাংশীৰ প্ৰদান কৰাৰ লগতে ভৱিষ্যতত তেখেতে ইউপিএছচি পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ যো-জা চলাই থকাৰ কথা সাংবাদিকক জানিবলৈ দিয়ে।