newsnextone.com | ওদালগুৰিঃ ৰাজ্যত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে। ওদালগুৰিতো বিভিন্ন দল-সংগঠনে বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। বুধবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ওদালগুৰি জিলা সমিতিয়ে প্ৰচাৰ পত্ৰ বিতৰণেৰে ৰাইজৰ মাজত সজাগতা অভিযান চলায়।

প্ৰায় প্ৰতিদিনে ওদালগুৰি জিলাৰ কলাইগাওঁৰ পৰা আৰম্ভ কৰি জিলাখনৰ বিভিন্ন প্ৰান্তত জোৰদাৰ প্ৰচাৰ অভিযানৰ কাৰ্যসূচী হাতত লয়। ওদালগুৰি সদৰত সংগঠনটোৰ ওদালগুৰি জিলা সমিতিৰ এটা দলে প্ৰতিখন দোকান, বজাৰ আদিত ব্যাপক প্ৰচাৰ অভিযানৰ মাজেৰে সাধাৰণ ৰাইজক বিধেয়কখনৰ ভয়াবহতা সম্পৰ্কে বুজাই দিয়ে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ওদালগুৰি জিলা সমিতিৰ সভাপতি দীপক শৰ্মাই সাংবাদিকৰ সন্মুখত মত ব্যক্ত কৰি কয় যে এইখন এখন ৰাজ্যবাসীৰ বাবে অতিশয় বিষাক্ত বিধেয়ক। 

বিধেয়কখন গৃহিত হ'লে খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ কথাতো বাদেই, খিলঞ্জীয়াই নিজৰ জীৱন নিৰ্বাহৰ বাবে সংগ্ৰাম কৰিব লগীয়া অৱস্থাৰ সৃষ্টি হ’ব। সংগঠনটোৱে ওদালগুৰি সাপ্তাহিক বজাৰলৈ অহা সাধাৰণ ৰাইজক বিধেয়কখনৰ ভয়াৱহতা সম্পৰ্কে বুজাই দি সেই সম্ভাব্য ভয়ংকৰ পৰিণতিৰ কথা গাঁৱৰ আন বাসিন্দাৰ ওচৰত প্ৰচাৰ কৰাৰ বাবে কাতৰ আহ্বান জনায়। 

আনহাতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে শুকুৰবাৰে ওদালগুৰি চহৰত একত্ৰিত হ’ব ওদালগুৰিৰ দল-সংগঠন, বুদ্ধিজীৱী, সাহিত্যিক, ছাত্ৰ সমাজ৷ তিনিটা জাতীয় সংগঠনে এক নাগৰিক সভাৰ আহ্বান কৰিছে। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, অসমীয়া যুৱ মঞ্চ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আবেলি ৫ বজাত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ শ্বহীদ ভৱনত অনুষ্ঠিত কৰিবলগীয়া নাগৰিক সভাত সকলোৰে উপস্থিতি কামনা কৰি বিধেয়কখনৰ বিৰুদ্ধে মত ব্যক্ত কৰাৰ আহ্বান জনায়।