ওদালগুৰিঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ বিৰোধিতাৰে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত শনিবাৰে ওদালগুৰি জিলাৰ বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাই প্ৰধানমন্ত্ৰী মোডীৰ পুত্তলিকা দাহ কাৰ্যসূচী ৰূপায়ণ কৰে। 

ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থায়ো চহৰখনৰ মাজমজিয়াত ৰাজপথ অৱৰোধ কৰি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। "নৰেন্দ্ৰ মোডী হায় হায়, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, ‘‘সৰ্বানন্দ সোণোৱাল হুচিয়াৰ’’ ইত্যাদি শ্ল’গান প্ৰদানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে। 

উক্ত প্ৰতিবাদী কাৰ্যসূচীত সহযোগ কৰে ওদালগুৰি আঞ্চলিক যুৱ ছাত্ৰ পৰিষদে। হাতে হাতে ক'লা পতাকা লৈ প্ৰতিবাদকাৰীসকলে মোডীৰ পুত্তলিকা দাহ কৰাৰ লগতে চৰকাৰখনৰ স্বেচ্ছাচাৰীতাৰ বিৰুদ্ধে সকীয়নি প্ৰদান কৰে। প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য বিতোপন দাসে যিকোনো পৰিস্থিতিৰ বিনিময়ত যাতে চৰকাৰে বিধেয়কখন উত্থাপন কৰিব নোৱাৰে তাৰ বাবে ৰাজ্যবাসীক সক্ৰিয় আৰু কঠোৰভাৱে নিৰীক্ষণৰ বাবে আহ্বান জনায়। 

লগতে কালি মোডীৰ ৰাজভৱন যাত্ৰাৰ সময়ছোৱাত আছু কৰ্মীক শ্বহীদ ন্যাসৰ ভিতৰত আৱদ্ধ কৰি গণতান্ত্ৰিক আন্দোলনক মসিমুৰ কৰিব বিচৰা কাৰ্যক গৰিহণা প্ৰদান কৰে। ইফালে, আজিৰ প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি ওদালগুৰি জিলা জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উপদেষ্টা ধ্ৰুৱনাৰায়ণ চৌধুৰীয়ে চৰকাৰৰ স্বেচ্ছাচাৰী শাসনক গৰিহণা প্ৰদান কৰি যিকোনো মূল্যৰ বিনিময়ত বিধেয়কখন বাতিলৰ দাবী জনায়।