ওদালগুৰিঃ ওদালগুৰি ৰে’ল ষ্টেচনৰ সমীপত বৃহস্পতিবাৰে এটা মৃতদেহ উদ্ধাৰ কৰা হয়। 

ষ্টেচনটোৰপৰা এশ মিটাৰ দূৰত্বত ৰে’ল আলিৰ সমীপত আজি পুৱাই উদ্ধাৰ হয় এই মৃতদেহটো। 

মৃতকৰ পৰিচয় শোণিতপুৰ জিলাৰ দিপক মজুমদাৰৰ বুলি জানিব পৰা গৈছে। 

মজুমদাৰ ওদালগুৰি টাউন বেকাৰীত কৰ্মৰত আছিল।

নিশা মালগাড়ীয়ে লোকজনক মহটিয়াই নিয়াৰ সন্দেহ।

ঘটনাস্থলীত ৰে’ল আৰক্ষী উপস্থিত হৈ তদন্ত অভিযান অব্যাহত ৰাখিছে।

আত্মহত্যা নে দূৰ্ঘটনা সেয়া জানিব পৰা হোৱা নাই। 

আনুষ্ঠানিক কাম শেষ হ'লেই মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হ’ব মৃতদেহটো।