
জাজৰিঃ দেশৰ দৰিদ্ৰ, মজদুৰ, শ্ৰমিক পৰিয়ালক সহায় কৰাৰ উদ্দেশ্যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰা প্ৰধানমন্ত্রী উজ্জ্বলা আঁচনিৰ আজি বটদ্ৰৱা সমষ্টিত শুভৰাম্ভ কৰা হয়৷ পাঘালী গাঁও পঞ্চায়তৰ ১০৮ গৰাকী হিতাধিকাৰীক আনুষ্ঠানিক ভাৱে বিনামূলীয়া ৰন্ধন গেছৰ সংযোগ বিতৰণ কৰি কাৰ্যসূচীৰ শুভৰাম্ভ কৰা হয়।
পঞ্চায়তটোৰ পাঘালী ৰাসমন্দিৰ মঞ্চত অনুষ্ঠিত এখন সভাত সংযোগসমূহ আনুষ্ঠানিক ভাবে বিতৰণ কৰে সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাৰ স্বামী তথা কলিয়াবৰ জিলা বিজেপিৰ সম্পাদক আকাশদ্বীপ ডেকাই৷
পাঘালী গাঁও পঞ্চায়তৰ সভানেত্রী জিনামাই বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত মা’ গেছ এজেঞ্চিৰ স্বত্বাধিকাৰী বিমল চন্দ্ৰ দাস, কনিষ্ঠ অভিযন্তা বিদ্যুৎ হাজৰিকা, পঞ্চায়ত সচিব প্ৰবীণ হাজৰিকা, শিলপুখুৰী সমবায় সমিতিৰ জ্যেষ্ঠ পৰিৰ্দশক পুতুকন বৰদলৈ, বিজেপিৰ নেতা যজ্ঞেশ্বৰ বৰা, ৰিজু খান, বাবুল বৰুৱা, ধনমনি বৰদলৈকে ধৰি ৫ শতাধিক লোক উপস্থিত থাকে৷