24
May
2017

ডিজিটেল ডেস্কঃ প্ৰৱঞ্চনাৰে পাকিস্তানী যুৱকে বিয়া পাতি লৈ যোৱা ভাৰতীয় যুৱতীগৰাকীক আজি পাক আদালতে নিজ দেশলৈ ঘুৰি যোৱাৰ বাবে অনুমতি প্ৰদান কৰিছে।
মুৰত বন্দুক থৈ বিয়া পতা বুলি অভিযোগ অনা উজমা নামৰ মহিলাগৰাকীক আজি ইছলামাবাদ উচ্চ ন্যায়ালয়ে নিজ দেশলৈ ঘুৰাই পঠাবলৈ যাৱতীয় সকলো ব্যৱস্থা কৰিবলৈ পাক আৰক্ষীক নিৰ্দেশ দিয়ে।
ৱাগাহ সীমান্তলৈ আৰক্ষীয়ে লৈ যোৱাৰ পিছতে ভাৰতীয় সেনাই উজমাক চমজি ল’ব। তাহিৰ আহমেদ নামৰ যুৱকজনে উজমাক বিয়া পাতি পাকিস্তানলৈ লৈ গৈছিল যদিও পিছত তাহিৰক ইতিমধ্যে বিবাহিত বুলি অভিযোগ তুলিছিল উজমাই।
লগে লগে উজমাই বিয়াত বহাত অমান্তি হোৱাত মুৰত বন্দুক থৈ বিয়া পতাৰ অভিযোগ উত্থাপন কৰিছিল উজমাই।
তাৰ পিছতে পাকিস্থিত ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয়ত আশ্ৰয় লৈছিল উজমাই। ইয়াৰ লগে লগে বিষয়টো আদালতত উত্থাপিত হৈছিল।