
চৰাইদেউঃ চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত আলফা(স্বাধীন)ৰ নামত এটি দুষ্ট চক্ৰই কিছুদিনৰ পৰা ধনদাবী কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে।
জানিব পৰামতে জিলাখনৰ বিভিন্ন প্ৰান্তত ব্যৱসায়ী, চৰকাৰী চাকৰিয়াল, ক্ষুদ্ৰ চাহ খেতিয়ক তথা ঠিকাদাৰক বিদ্ৰোহী সংগঠনটো নেতা প্ৰদীপ অসম, গণেশ অসম, পুলক অসমৰ নামত ধনদাবী কৰি মোবাইলত এছ.এম.এছ. যোগে আৰু বগা কাগজত আলফা(স্বাধীন)ৰ চীল মোহৰ মাৰি ধন আদায় দিবলৈ সকীয়নী দি পত্ৰ প্ৰেৰণ কৰিছে।
৮০১১৯৯২২৪৫ আৰু ৯৫৭৭৭৬৯৪৫৩ এই দুটা নম্বৰৰ যোগেদি ধনদাবী কৰি চক্ৰটোৱে ধন আদায় নিদিলে চৰম শাস্তিৰ সন্মুখীন হ'ব লাগিব বুলি সকীয়নী দিয়া পৰিলক্ষিত হৈছে।
ধনদাবী কৰা ব্যক্তিসকলৰ একাংশই চক্ৰটোক ধন আদায় দিয়াৰ বিপৰীতে একাংশই কাষ চাপিছে আৰক্ষী তথা সেনাবাহিনীৰ।
উল্লেখ্য যে বগা কাগজৰ এনেদৰে ধনদাবী কৰি প্ৰেৰণ কৰাৰ পৰিপ্ৰেক্ষিতত এয়া কোনো দুষ্ট চক্ৰই আলফা(স্বাধীন)ৰ নামত ভুৱা ধনদাবী কৰা বুলি সন্দেহ কৰিছে জিলাখনৰ সচেতন মহলৰ লগতে আৰক্ষীয়ে।